31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ দেহাৱসান

    আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। ১৯৩৮ চনত ডিব্ৰুগড়ত জন্মলাভ কৰা প্ৰদীপ বৰুৱাই গুৱাহাটীৰ ডনবস্কো বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

    অসমৰ প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। ১৯৩৮ চনত ডিব্ৰুগড়ত জন্মলাভ কৰা প্ৰদীপ বৰুৱাই গুৱাহাটীৰ ডনবস্কো বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কণিষ্ঠ পুত্ৰ বৰুৱাই পিতৃৰ সৈতে ত্ৰিবিউন গোষ্ঠী আৰু সাহিত্য প্ৰকাশনৰ সৈতে জড়িত হৈছিল। ১৯৮১ চনৰ পহিলা ডিচেম্বৰৰ পৰা প্ৰখ্যাত সাহিত্যিক ভৱেন্দ্ৰ নাথ শ‍ইকীয়াৰ মুখ্য সম্পাদনাত প্ৰকাশ পোৱা প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। মৃত্যুৰ সময়লৈকে তেওঁ প্ৰান্তিকৰ সম্পাদক আৰু প্ৰকাশক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

    অসমীয়া সাহিত্য আৰু সাংবাদিকতালৈ আগবঢ়োৱা অৱদানৰ বাবে তেঁও বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটাকে প্ৰমুখ্য কৰি বহুকেইটা বঁটা লাভ কৰিছিল। ২০২৪ বৰ্ষত তেওঁলৈ অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু আর্থসামাজিক ন্যাসে অসম জাতীয় বিদ্যালয় সন্মান আগবঢ়োৱাৰ লগতে তেওঁৰ জীৱন ভিত্তিক তথ্য চিত্র প্রান্তিক নির্মাণ কৰিছিল। ২০১৮ চনত তেওঁৰ আত্মজীৱনী ‘স্বগতোক্তি’ প্রকাশ পাইছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী মায়া বৰুৱা আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়।
    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রবীন সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে।

    Source:Akashvani
    Via By: AsomKhobor
    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.