শেহতীয়া আপডেটঃ

বিশ্বনাথৰ কয়লাজুলিত নাবাৰ্ডৰ মহা প্ৰৱন্ধক : শুভ উদ্বোধন কৰিলে কেইবাটাও আচঁনি

বিশ্বনাথৰ কয়লাজুলিত নাবাৰ্ডৰ মহা প্ৰৱন্ধক : শুভ উদ্বোধন কৰিলে কেইবাটাও আচঁনি :

বিশ্বনাথ ৮ অক্টোবৰ :

 

National Bank For Agriculture And Rural Development চমুকৈ ( NABARD) নাৰ্বাদৰ উদ্যোগত আৰু বিশ্বনাথৰ স্বেচ্ছাসেৱী সংগঠন কেডেটৰ সহযোগত বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্ত কয়লাজুলিত শনিবাৰে এটা বজাৰ গৃহ শুভ উদ্বোধন কৰে নাবাৰ্ডৰ মহা প্ৰৱন্ধক নবীন ৰয়ে। উল্লেখযোগ্য যে এই গৃহটি যোৱা ফেব্ৰুৱাৰী মাহত নাৰ্বাদৰ আচঁনি দ্বাৰা আধাৰশিলা স্থাপন কৰা হৈছিল যাৰ ফলত স্বেচ্ছাসেৱী সংগঠনটোৱে অতি কম সময়ৰ ভিতৰত বজাৰ গৃহটি নিৰ্মাণ কৰি দিয়াত নাবাৰ্ডৰ
মহা প্ৰৱন্ধক নবীন ৰয় ধন্যবাদ জ্ঞাপন কৰে।
নাৰ্বাডৰ মহা প্ৰৱন্ধক নবীন ৰয় জানিবলৈ দিয়া অনুসৰি এই গৃহটি বাবে নাৰ্বাদৰ তৰফৰ পৰা ১৮,৬৪,৪০০ টকাৰ ব্যয় আগবঢ়োৱা হৈছিল য’ত এই গৃহটি জৰিয়তে অঞ্চলটোত এখন বজাৰ গঢ়ি উঠে এই বজাৰ খনৰ জড়িয়তে অঞ্চলটো আদিবাসী, কাৰ্বি বড়ো লগতে জনজাতি লোক সকলৰ মহিলা সকলে ঘৰতে উৎপাদিত কৰা যিকোনো সামগ্ৰী এই বজাৰতে সহজে বিক্ৰী কৰিব পাৰে তাৰ বাবে নাৰ্বাদে এই পদক্ষেপ লোৱা বুলি প্ৰকাশ কৰে নাবাৰ্ডৰ
মহা প্ৰৱন্ধক নবীন ৰয়ে।
আনহাতে এই কাৰ্যসূচীতে
মহা প্ৰৱন্ধক নবীন ৰয়ে অঞ্চলটোৰ লগতে মিলেটৰ উৎপাদিত সামগ্ৰী সমূহ এই বজাৰ গৃহটে বিক্ৰী বাবে মুকলি কৰি ৰাইজলৈ আগবঢ়াই দিয়ে মহাপ্ৰৱন্ধ গৰাকীয়ে।

উল্লেখযোগ্য যে
অসম অৰুণাচল সীমান্ত অতিকৈ ভিতৰুৱা অঞ্চল সমূহত নাবাৰ্ডৰ
ফালৰ পৰা আন বহু কেইখন উন্নয়ন মূলক আচঁনি কাম চলি থকা কথাও অৱগত কৰে মহাপ্ৰৱন্ধ গৰাকীয়ে।

 

এই দৰে অঞ্চলটোৰ ৰাইজৰ উন্নয়ন চিন্তা কৰা নাৰ্বাদ কাম কাজক লৈ উৎফুল্লিত হয় কয়লাজুলি ৰাইজ। আনহাতে অঞ্চলটো কৃষক সকলৰ উন্নয়নৰ স্বাৰ্থত ভৱিষ্যতে নাবাৰ্ডে কাম কৰি যাব বুলি প্ৰকাশ কৰে মহা প্ৰৱন্ধক নবীন ৰয়ে। এই কাৰ্যসূচীত উপস্থিত থাকে নাৰ্বাদৰ জিলা প্ৰৱন্ধক সুমন চেৰ্টাজী ,বিশ্বনাথৰ কূষি মহাবিদ্যালয়ৰ বিজ্ঞানী ড° পল্লৱ কুমাৰ শৰ্মা, বিশ্বনাথ জিলা পৰিষদৰ উপ সভানেত্ৰী গায়ত্ৰী কুৰ্মী লগতে অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে স্বেচ্ছাসেৱী সংগঠনৰ সদস্য।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.