31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে ত্যাগ কৰিলে  চৰকাৰী বাসভৱন

    মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে ত্যাগ কৰিলে  চৰকাৰী বাসভৱন

     

    মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ মুৰব্বী থাকৰেয়ে এতিয়া তেওঁৰ চৰকাৰী বাসভৱন ‘বৰ্ষা’ এৰি মুম্বাইৰ বান্দ্ৰাত ঠাকৰে পৰিয়ালৰ বাসগৃহ মাতোশ্ৰীলৈ উভতি গৈছে৷

    বৰ্তমান বিজেপিশাসিত অসমত দলৰ বৃহৎসংখ্যক বিধায়কৰ সৈতে শিবিৰ পাতি থকা অসন্তুষ্ট শিৱসেনা নেতা একনাথ চিন্দেৰ বিদ্ৰোহৰ পাছত মহাৰাষ্ট্ৰত এক বৃহৎ ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছে৷

     

    মুখ্যমন্ত্ৰীয়ে ‘উদ্ধৱ তুম আগে বধো, হম তুমহাৰে সাথ হে’ শ্ল’গানৰ মাজতে তেওঁৰ চৰকাৰী বাসভৱন ত্যাগ কৰে বুধবাৰে সন্ধিয়া।

    মহাৰাষ্ট্ৰৰ মন্ত্ৰী আদিত্য থাকৰেৰ লগতে তেওঁৰ মাতৃ ৰশ্মি থাকৰে আৰু ভাতৃ তেজছ থাকৰেয়েও মুখ্যমন্ত্ৰীৰ সৈতে ‘বৰ্ষা’ ত্যাগ কৰিছে৷

    মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীলৈ তেওঁৰ ভাৰ্চুৱেল ভাষণত কয় যে দলৰ এজন বিধায়কে তেওঁৰ ওপৰত বিশ্বাস হেৰুৱালেও তেওঁ এই পদৰ পৰা পদত্যাগ কৰিবলৈ সাজু, কিন্তু তেওঁলোকক তেওঁক লগ কৰি মুখামুখিকৈ ক’লেও হ’লহেঁতেন বুলি মন্তব্য কৰে৷

    বিদ্ৰোহ সন্দৰ্ভত নীৰৱতা ভংগ কৰি থাকৰেয়ে কয় যে মুখ্যমন্ত্ৰীৰ চকীখনৰ প্ৰতি তেওঁৰ কোনো লোভ নাই, কিন্তু বিদ্ৰোহে আন এজন শিৱসেনা সৈনিকক এই পদলৈ ঘূৰাই অনাত সহায় কৰিব নেকি জানিব বিচাৰিছে।

    চিন্দেয়ে কৈছে যে শিৱসেনাই দলটোৰ অস্তিত্বৰ বাবে অপ্ৰাকৃতিক মিত্ৰতাৰ পৰা ওলাই আহিব লাগিব। থাকৰেয়ে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি) আৰু কংগ্ৰেছৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰৰ মুৰব্বী।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds