শেহতীয়া আপডেটঃ

লোকসভা নিৰ্বাচনৰ বাবে প্ৰশিক্ষণৰ লগতে ভোটাৰ সজাগতা অভিযান

♦ ৰাজ্যত ৩টা পৰ্যায়ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে তৎপৰতা গ্ৰহণ কৰিছে। গোলাঘাট জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত কাজিৰঙা লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল প্ৰাৰ্থীসকলৰ প্ৰতীক চিহ্ন আৱণ্টন প্রক্রিয়া সম্পন্ন হয়। সমষ্টিটোৰ বাবে ১১ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। প্ৰাৰ্থী আৰু প্ৰতিনিধিসকলৰ উপস্থিতিত সমষ্টিটোৰ ৰিটার্ণিং বিষয়া ডা০ পি উদয় প্রবীণে নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ নামত আৱণ্টিত প্রতীক চিহ্নসমূহ ঘোষণা কৰে। ইয়াৰ লগতে সংসদীয় সমষ্টিটোৰ প্ৰাৰ্থী তথা প্ৰতিনিধিসকলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত মত বিনিময় কৰে।

বাক্সা জিলাত প্রিজাইডিং আৰু প’লিং বিষয়াসকলৰ প্ৰশিক্ষণৰ সামৰণি পৰে। বাক্সাৰ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং-ওদালগুৰিত লোকসভা সমষ্টিৰ অন্তৰ্গত ৪টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত মানাহ, বাক্সা, তামুলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ৯৪৬টা ভোট কেন্দ্ৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব। জিলাখনত নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ১,১৩৫ গৰাকী প্রিজাইডিং বিষয়া আৰু ৩,৪০৫ গৰাকী প’লিং বিষয়াক প্রশিক্ষণ দিয়াৰ লগতে ৯৪৬ গৰাকী বিএলঅ’ক আৰু ১৬ গৰাকী ন’ডেল বিষয়াক মাষ্টাৰ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

আনহাতে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ নিৰ্বাচনী জিলাত ৬টা ভোটগ্রহণ কেন্দ্ৰক আদর্শ ভোটগ্রহণ কেন্দ্ৰ হিচাপে নিৰ্বাচন কৰা হৈছে। জিলাখনৰ মুঠ ৮টা ভোটগ্রহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব। একেদৰে ৭ মে’ত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ ৩৪৭টা ভোটগ্রহণ কেন্দ্ৰৰ ভিতৰত ৫টা মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। ইয়াৰ বাবে জিলা প্ৰশাসনে আজি ৩৬ গৰাকী মহিলা প্রিজাইডিং আৰু প’লিং বিষয়াক প্ৰশিক্ষণ প্রদান কৰে। জিলাখনত ১,৬৬৪ গৰাকী প্রিজাইডিং আৰু প’লিং বিষয়াক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। মহিলা প্রিজাইডিং আৰু প’লিং বিষয়াসকলক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ দিয়াৰ পাছত নিৰ্বাচনৰ পূৰ্বে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হ’ব। ইপিনে ব্যয় পর্যবেক্ষক শংকৰলাল বাৰ্মাই ডিমা হাছাও জিলাৰ হাফলঙত উপস্থিত হৈ নিৰ্বাচনী বিষয়াসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ নির্বাচনী ব্যয় নিৰীক্ষণ কোষৰ বিষয়ববীয়াসকলৰ সৈতেও বৈঠকত ভাগ হয়। আনহাতে কৰিমগঞ্জ জিলাৰ পাথৰকান্দি মহাবিদ্যালয়ত মহিলা ভোটাৰ সজাগতা অভিযান অনুষ্ঠিত হয়। প্রায় ২০০ গৰাকী নতুন ভোটাৰ মহিলা, ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.