Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

লোকসভা নিৰ্বাচনৰ বাবে প্ৰশিক্ষণৰ লগতে ভোটাৰ সজাগতা অভিযান

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦ ৰাজ্যত ৩টা পৰ্যায়ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে তৎপৰতা গ্ৰহণ কৰিছে। গোলাঘাট জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত কাজিৰঙা লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল প্ৰাৰ্থীসকলৰ প্ৰতীক চিহ্ন আৱণ্টন প্রক্রিয়া সম্পন্ন হয়। সমষ্টিটোৰ বাবে ১১ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। প্ৰাৰ্থী আৰু প্ৰতিনিধিসকলৰ উপস্থিতিত সমষ্টিটোৰ ৰিটার্ণিং বিষয়া ডা০ পি উদয় প্রবীণে নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ নামত আৱণ্টিত প্রতীক চিহ্নসমূহ ঘোষণা কৰে। ইয়াৰ লগতে সংসদীয় সমষ্টিটোৰ প্ৰাৰ্থী তথা প্ৰতিনিধিসকলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত মত বিনিময় কৰে।

বাক্সা জিলাত প্রিজাইডিং আৰু প’লিং বিষয়াসকলৰ প্ৰশিক্ষণৰ সামৰণি পৰে। বাক্সাৰ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং-ওদালগুৰিত লোকসভা সমষ্টিৰ অন্তৰ্গত ৪টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত মানাহ, বাক্সা, তামুলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ৯৪৬টা ভোট কেন্দ্ৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব। জিলাখনত নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ১,১৩৫ গৰাকী প্রিজাইডিং বিষয়া আৰু ৩,৪০৫ গৰাকী প’লিং বিষয়াক প্রশিক্ষণ দিয়াৰ লগতে ৯৪৬ গৰাকী বিএলঅ’ক আৰু ১৬ গৰাকী ন’ডেল বিষয়াক মাষ্টাৰ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

আনহাতে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ নিৰ্বাচনী জিলাত ৬টা ভোটগ্রহণ কেন্দ্ৰক আদর্শ ভোটগ্রহণ কেন্দ্ৰ হিচাপে নিৰ্বাচন কৰা হৈছে। জিলাখনৰ মুঠ ৮টা ভোটগ্রহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব। একেদৰে ৭ মে’ত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ ৩৪৭টা ভোটগ্রহণ কেন্দ্ৰৰ ভিতৰত ৫টা মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। ইয়াৰ বাবে জিলা প্ৰশাসনে আজি ৩৬ গৰাকী মহিলা প্রিজাইডিং আৰু প’লিং বিষয়াক প্ৰশিক্ষণ প্রদান কৰে। জিলাখনত ১,৬৬৪ গৰাকী প্রিজাইডিং আৰু প’লিং বিষয়াক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। মহিলা প্রিজাইডিং আৰু প’লিং বিষয়াসকলক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ দিয়াৰ পাছত নিৰ্বাচনৰ পূৰ্বে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হ’ব। ইপিনে ব্যয় পর্যবেক্ষক শংকৰলাল বাৰ্মাই ডিমা হাছাও জিলাৰ হাফলঙত উপস্থিত হৈ নিৰ্বাচনী বিষয়াসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ নির্বাচনী ব্যয় নিৰীক্ষণ কোষৰ বিষয়ববীয়াসকলৰ সৈতেও বৈঠকত ভাগ হয়। আনহাতে কৰিমগঞ্জ জিলাৰ পাথৰকান্দি মহাবিদ্যালয়ত মহিলা ভোটাৰ সজাগতা অভিযান অনুষ্ঠিত হয়। প্রায় ২০০ গৰাকী নতুন ভোটাৰ মহিলা, ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

- Advertisement -

Hot this week

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds