31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    গুৱাহাটীত নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন, আলফাৰ প্ৰাক্তন সদস্য, নির্যাতিত পৰিয়াল তথা সন্ত্রাস নির্মূল অভিযানত আঘাতপ্রাপ্ত আৰু নিৰুদ্দিষ্ট সদস্যৰ নিকটাত্মীয়ক মুখ্যমন্ত্রীৰ আর্থিক সাহায্য

    ♦ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীত নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন, আলফাৰ প্ৰাক্তন সদস্য, নির্যাতিত পৰিয়াল তথা সন্ত্রাস নির্মূল অভিযানত আঘাতপ্রাপ্ত আৰু নিৰুদ্দিষ্ট সদস্যৰ নিকটাত্মীয়কে ধৰি মুঠ ৯৩৬ গৰাকী সদস্যক পুনসংস্থাপনৰ বাবে আর্থিক সাহায্য প্ৰদান কৰে। অনুষ্ঠানত সন্ত্রাস নির্মূল অভিযানত আঘাতপ্রাপ্ত ৪৫ গবাকী সদস্যক ৩ লাখ টকাকৈ, ৮ গৰাকী নির্যাতিত লোকক ৫ লাখ টকাকৈ, ৩১ গৰাকী নিৰুদ্দিষ্ট সদস্যৰ পৰিয়ালক ১০ লাখ টকাকৈ প্ৰদান কৰা হয়। তদুপৰি ভাৰত চৰকাৰৰ উত্তৰ-পূবৰ উগ্ৰপন্থী সদস্যসমূহৰ মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন আৰু পুনসংস্থাপন আঁচনিৰ অধীনত ৮৫২ গৰাকী প্রাক্তন সদস্যক ৪ লাখ টকা আৰু অসম চৰকাৰৰ বিশেষ পুঁজিৰ অধীনত ৩ লাখ টকাৰ এককালীন সাহায্য প্রদান কৰা হয়। উল্লেখযোগ্য যে আলফা সংগঠনে চৰকাৰৰ সৈতে হোৱা কেইবালানিও আলোচনাৰ অন্তত যোৱা বছৰৰ ২৯ ডিচেম্বৰত ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি আলফাই সংগঠনটোৰ ভংগ কৰাৰ ঘোষণা কৰাৰ লগতে মনোনীত শিবিৰসমূহ খালী কৰি দিয়ে।

    আজিব অনুষ্ঠানত প্ৰদান কৰা এককালীন সাহায্যৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে স্বাৱলম্বী হ’ব পৰাকৈ প্ৰতিগৰাকী সদস্যৰ বাবে দক্ষতা বিকাশ কার্যক্রমৰ অধীনত বিভিন্ন বৃত্তিগত প্ৰশিক্ষণৰ আঁচনিয়ো গ্ৰহণ কৰা হৈছে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে মন্ত্রী যোগেন মহন, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্রধান জি পি সিঙকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds