31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বহুজাতিক প্ৰতিষ্ঠানত বজাৰ কৰিব যোৱা মহিলা গ্ৰাহকৰ ৪৫ হাজাৰ টকা অন্তৰ্ধান হল কেচ কাউন্টাৰৰ পৰা বিশ্বনাথ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ

    বহুজাতিক প্ৰতিষ্ঠানত বজাৰ কৰিব যোৱা মহিলা গ্ৰাহকৰ ৪৫ হাজাৰ টকা অন্তৰ্ধান হল কেচ কাউন্টাৰৰ পৰা
    বিশ্বনাথ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ

    বিশ্বনাথ ১১ অক্টোবৰ

    বিশ্বনাথ নগৰস্থিত বহুজাতিক প্ৰতিষ্ঠান V mart নামৰ শ্বপিং ম’লত এতিয়া সুৰক্ষিত নহয় গ্ৰাহকৰ ধন।কাৰণ এইবাৰ গ্ৰাহকৰ ধণ লুণ্ঠনত নমাৰ অভিযোগ V-mart শ্ব’পিং মলৰ কৰ্মচাৰী।এই অভিযোগ আমাৰ নহয়,এই অভিযোগ হল এগৰাকী মহিলাৰ।বিশ্বনাথৰ এই গৰাকী মহিলাই যোৱা পাঁচ দিন পূৰ্বে আহিছিল বিশ্বনাথ নগৰস্থিত এইখন বহুজাতিক প্ৰতিষ্ঠান V-mart ত বজাৰ কৰিবলৈ আৰু বজাৰো কৰিলে প্ৰায় চাৰি হাজাৰ দুশ টকাৰ।কেচ কাউন্টাৰত মহিলা গ্ৰাহক গৰাকীয়ে সেই পইচা দিবলৈ যাওতে কেচ কাউন্টাৰত থকা যুৱতী গৰাকীয়ে সামগ্ৰী ভৰাবলৈ বেগ লোৱাৰ বাবে আহবান জনাই।ফলত মহিলা গৰাকীয়ে প্লাষ্টিকৰ বেগ এটা লয় নিজৰ বেগৰ ভিতৰৰ থকা আন এটা প্লাস্টিকৰ বেগৰ পৰা ৪ হাজাৰ ২ শ টকা দি প্ৰায় ৪৫ হাজাৰ টকা প্লাষ্টিকৰ বেগত ভৰাই কেচ কাউন্টাৰত উলিয়াই থয়। তাৰ পিছতে মহিলা গ্ৰাহক গৰাকীয়ে বস্তুখিনি লৈ প্ৰতিষ্ঠানখনৰ পৰা ওলাই যোৱাৰ লগে লগে নিজৰ বেগৰ ভিতৰত প্ৰতক্ষ্য কৰে যে টকাৰ বেগটো নাই।লগে লগে পুনৰ প্ৰতিষ্ঠান খনলৈ উভতি গৈ এই কথা জানিব বিচৰাত কেচ কাউন্টাৰৰ যুৱতী গৰাকীয়ে ভুক্তভোগী মহিলা গৰাকীক দু ব্যবহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।ইফালে ভুক্তভোগী মহিলা গৰাকীয়ে কেচ কাউন্টৰত লেন-দেন কৰাৰ সময়ত প্ৰতিষ্ঠান খনতো আন কোনো গ্ৰাহক নাছিল বুলি জানিব দিছে। আনহাতে ভুক্তভোগী মহিলাই প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীক চি চি টি ভিৰ ভিডিঅ চাবলৈ বিচৰাত প্ৰথমে দেখুৱাম বুলি কৈছিল যদিও পৰবৰ্তী সময়ত প্ৰতিষ্ঠান খনৰ কৰ্মচাৰী আৰু কতৃপক্ষই নিজ প্ৰতিষ্ঠানখনৰ চি চি টিভি বেয়া হৈ থকা বুলি কোৱা কথাই সমস্ত ঘটনাই ৰহস্য ঘনীভূত হৈছে ।
    V-mart ত বজাৰ কৰাৰ পূৰ্বে মহিলা গৰাকীয়ে সঞ্চয়ৰ পৰা উলিয়াই আনিছিল পঞ্চাছ হাজাৰ টকা। ইতিমধ্য বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীৰ কাষ চাপিছে যদিও মহিলগৰাকীয়ে পোৱা নাই আৰক্ষীৰ সঁহাৰি ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds