31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ  উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

    ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ  উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

    গুৱাহাটী, ১৭ মে’ : অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ  মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ১৬ মে’ত এখন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে  বিধি এনালিটিকাৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক পাৰ্থ প্ৰতিম বৰুৱা। মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁয়ে সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে । শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰা কেৰিয়াৰ কৰ্মশালাখনত  আদৰণি ভাষণ প্ৰদান কৰে ড° বুলজিৎ বুঢ়াগোহাঁয়ে ।

            সমল ব্যক্তি পার্থ প্রতিম বৰুৱাই কয় যে এজন  উদ্যোগী হ’বলৈ মানসিকতা থকাটো অতি প্রয়োজনীয় আৰু ভগৱান গণেশৰ দৰে হ’ব লাগে, ভৱিষ্যতৰ গোন্ধ ল’বলৈ দীঘল নাক আৰু ডাঙৰ কাণ থকাৰ ফলত ব্যৱসায়ৰ প্ৰৱণতা অনুমান কৰিবলৈ আৰু সময়মতে প্ৰয়োজনীয় পথ ল’বলৈ চাৰিওফালৰ পৰিৱেশ সূক্ষ্মভাৱে শুনিব পাৰি। শ্ৰেণীকোঠাত শিকাটো ঔদ্যোগিক প্ৰয়োগৰ সৈতে স্পষ্টভাৱে সম্পৰ্কিত হ’ব লাগে আৰু চুটি কামবোৰ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব লাগে আৰু উদ্ভাৱনীমূলক সমাধান এটা উলিয়াব লাগে যাক ব্যৱসায়িক কাৰ্যকলাপলৈ ৰূপান্তৰ কৰিব পাৰি। ২০২০ চনত স্থাপিত কৃষি-প্ৰযুক্তিৰ ষ্টাৰ্টআপ বিধি এনালিটিকাৰ প্ৰতিষ্ঠাপক হিচাপে পাৰ্থ প্ৰতিম বৰুৱাই জনায় যে তেওঁলোকে ভাৰতীয় পৰম্পৰাগত জ্ঞান প্ৰণালী আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ সহায়ত অত্যাধুনিক প্ৰযুক্তিগত হস্তক্ষেপৰ সহায়ত কৃষকসকলক গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধান প্ৰদান কৰিবলৈ চেষ্টা কৰি আছে। তেওঁলোকে কৃষকসকলৰ সুবিধাৰ বাবে এমএল/এআই আৰু আইঅ’টিৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰি আছে। কৰ্মশালাখনত ড° বুলজিৎ বুঢ়াগোহাঁয়ে শলাগৰ শৰাই আগবঢ়ায়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds