31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত ৭৬ তম স্বাধীনতা দিৱস উদযাপন,

     

    বিশ্বনাথত ৭৬ তম স্বাধীনতা দিৱস উদযাপন, পতাকা উত্তোলন কৰিলে অসম চৰকাৰৰ হস্তঁতাত, বস্ত্ৰ আৰু ৰেচম, বড়োলেণ্ড উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই

    বিশ্বনাথ ১৫ আগষ্ট ::

    দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে কাছাৰী ময়দানত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ।

    পূৱা ৮.৪৫ বজাত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ হস্তঁতাত, বস্ত্ৰ আৰু ৰেচম, বড়োলেণ্ড উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই পতাকা উত্তোলন কৰাৰ পিছতে স্বাধীনতা দিৱস উপলক্ষে জিলা খনৰ কেইবাখনো বিদ্যালয় আৰু আৰক্ষী, সেনাবাহিনীৰ জোৱানে পেৰেডত অংশগ্ৰহণ কৰে । এই পেৰেডৰ কাৰ্যসূচীত পেৰেডত জিলাৰবিশেষ সেনাবাহিনীৰ মহিলা-পুৰুষৰ দল, অসম আৰক্ষী গৃহৰক্ষী জোৱান, বিশ্বনাথ মহাবিদ্যালয়ৰ NCC গোট, বিশ্বনাথ চাৰিআলি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ( JNV ) ছাত্ৰ- ছাত্ৰীৰ লগতে বিশ্বনাথৰ জ্ঞান ভাৰতী বিদ্যালয়, চাৰিআলি ছোৱালী হাইস্কুল , বিশ্বনাথ চাৰিআলি আৰ্দশ বিদ্যাপীঠ, চাৰিআলি হাইস্কুল, বিশ্বনাথ চাৰিআলি জৱাহৰ নৱোদয় বিদ্যালয়ৰ মহিলা বেণ্ড পাৰ্টি, 17 নং অসম ৰাইফলছৰ বেণ্ড পাৰ্টি দলে অংশগ্ৰহণ কৰে পেৰেডত। আনহাতে, বিয়লি তিনি বজাত স্বাধীনতা দিৱস উপলক্ষে বিশ্বনাথৰ বিশিষ্ট ব্যক্তি সকলক বিয়লি তিনি বজাত বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামত সম্বৰ্ধনা জনাব জিলা প্ৰশাসনে । লগতে উক্ত স্থানতে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে এখনি প্ৰীতি ফুটবল খেল আয়োজন কৰিছে।

     

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.