31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাত ৰক্তদান শিবিৰ আৰু সুস্থ নাৰী শক্তিশালী পৰিয়াল শীৰ্ষক অভিযানৰ শুভ উদ্বোধন

    জিলা স্বাস্থ্য সমিতি আৰু ৰক্ত ভঁৰাল কৰ্তৃপক্ষৰ উদ্যোগ

    বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাত ৰক্তদান শিবিৰ আৰু সুস্থ নাৰী শক্তিশালী পৰিয়াল শীৰ্ষক অভিযানৰ শুভ উদ্বোধন

    অসম খবৰ বিশ্বনাথ চাৰিআলি, ১৭ ছেপ্তেম্বৰ  বিশ্বনাথ জিলাত সেৱা সপ্তাহ উদযাপনৰ কাৰ্যসূচীৰ অধীনত মোনাবাৰী চাহ বাগিছা চিকিৎসালয়ত আজি এটি স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰু ‘সুস্থ নাৰী শক্তিশালী পৰিয়াল’ শীৰ্ষক অভিযানৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ সফলতাৰে সম্পন্ন কৰা হয়।

    বিশ্বনাথ জিলা স্বাস্থ্য সমিতি আৰু ৰক্তভঁৰাল কৰ্তৃপক্ষৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) ৰাকেশ ডেকা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বে’, স্বাস্থ্য বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকল, জিলা পৰিষদৰ সদস্য, ছাত্ৰ ছাত্ৰী, আৰক্ষী, ৰক্তদাতা আৰু মোনাবাৰী চাহ বাগিচাৰ স্থানীয় বাসিন্দাসকল উপস্থিত থাকে।

    দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৫ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি অসম চৰকাৰে সেৱা সপ্তাহৰ অন্তৰ্গত “সেৱা-হি-সমৰ্পণ” নামেৰে এলানি কাৰ্যসূচী পালন কৰাৰ কথা ঘোষণা কৰিছে আৰু সেই কাৰ্যসুচীৰ অধীনতে আয়োজিত আজি বিশেষ কাৰ্যসুচীত উপস্থিত থাকি সাংসদ ৰঞ্জিত দত্তই সমবেত ৰাইজক সম্বোধন কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীলৈ ওপজা দিনৰ ওলগ জনায় আৰু তেওঁৰ নেতৃত্বত ২০১৪ চনৰ পৰা স্বাস্থ্য আৰু শিক্ষা খণ্ডত হোৱা পৰিৱৰ্তনশীল বিকাশৰ কথা উল্লেখ কৰে।

    অনুষ্ঠানটিত বিধায়ক প্ৰমোদ বৰঠাকুৰে তেওঁৰ ভাষণত ৰক্তদানৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে আৰু ঘোষণা কৰে যে দুৰ্গা পূজাৰ পিছত জিলাখনত অধিক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হ’ব।একেদৰে বিধায়ক দিগন্ত ঘাটোৱালে স্বেচ্ছাই ৰক্তদান কৰিবলৈ আগবাঢ়ি অহা লগতে বিহালী সম – জিলা আৰক্ষী অধীক্ষক গৌৰৱ ভট্টাচাৰ্য দৰে আৰক্ষী বিষয়া আগবাঢ়ি অহাত উপস্থিত লোকসকলৰ বাবে এক অনুপ্ৰেৰণামূলক উদাহৰণ দাঙি ধৰে আৰু এনে পদক্ষেপত স্বেচ্ছাই ৰক্তদান কাৰ্যসুচীত সকলোৰে অংশগ্ৰহণৰ গুৰুত্ব অধিক শক্তিশালী কৰে।
    আজিৰ এই বিশেষ অনুষ্ঠানটোত সফলতাৰে মুঠ ৪৪ ইউনিট তেজ সংগ্ৰহ কৰা হয় । ইয়াৰ উপৰিও, মহিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ওপৰত গুৰুত্ব দি ‘সুস্থ নাৰী শক্তিশালী পৰিয়াল’ শীৰ্ষক অভিযানৰ অধীনত স্বাস্থ্য পৰীক্ষা আৰু সজাগতা কাৰ্যসুচীও ৰূপায়ণ কৰা হয় ।

    উল্লেখযোগ্য যে, ‘সুস্থ নাৰী শক্তিশালী পৰিয়াল’ শীৰ্ষক এই বিশেষ অভিযান কাৰ্যক্ৰম আজিৰ পৰা ২ অক্টোবৰ, ২০২৫ তাৰিখলৈকে অব্যাহত থাকিব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.