31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বছৰজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ’ব সুধাকণ্ঠৰ জন্ম শতবার্ষিকী

    ■ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন বছৰজোৰা কাৰ্যসূচী অহা ৮ ছেপ্তেম্বৰত আৰম্ভ হ’ব। আজি এই সিদ্ধান্ত মন্ত্রীসভাত গ্রহণ কৰা হয়। ৰাজ্য চৰকাৰে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী নিয়াৰিকৈ পালন কৰিবলৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন ৫০ জনীয়া কমিটি গঠনৰ সিদ্ধান্ত লৈছে। এই অনুষ্ঠানৰ পৃষ্ঠপোষক হিচাপে উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্রণ জনোৱা হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত শৰ্মাই উল্লেখ কৰে। দেশৰ ৰাষ্ট্ৰপতি নাইবা প্ৰধানমন্ত্ৰীৰ উপস্থিতিত শতবৰ্ষ উদযাপনৰ আৰম্ভণি আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।

    শতবার্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটী, নতুন দিল্লী, অৰুণাচল প্ৰদেশ, কলিকতা আৰু মুম্বাইত অনুষ্ঠিত হ’ব। তদুপৰি ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত এটা বিশেষ আন্তঃগাঁথনি প্রকল্প নাইবা অনুষ্ঠান নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। বিশিষ্ট ঔপন্যাসিক, সাংবাদিক অনুৰাধা শৰ্মা পুজাৰীৰ দ্বাৰা প্রনয়ন কৰা শিল্পীগৰাকীৰ চমু জীৱনী ৰাজ্যখনৰ ১০ লাখ ব্যক্তিলৈ প্ৰেৰণ কৰা হ’ব। ভাৰতবৰ্ষৰ সকলো ভাষালৈ এই জীৱনী অনুবাদ কৰি বিভিন্ন পুথিভঁৰাললৈ প্ৰেৰণৰ বাবেও মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে শিল্পীগৰাকীৰ নামত স্মাৰক মুদ্ৰা প্ৰৱৰ্তন কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকক অনুৰোধ জনোৱাৰ বাবে মন্ত্রীসভাই সিদ্ধান্তত উপনীত হয়। বিশ্ব বৰেণ্য শিল্পীগৰাকীক জীৱন সম্বলিত তথ্য চিত্ৰ অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত প্ৰস্তুত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কিংবদন্তি শিল্পীগৰাকীৰ সংগীত আৰু কৰ্মজীৱন সম্পৰ্কে শিক্ষানুষ্ঠানসমূহত আলাপ আলোচনা, চৰ্চাৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যন্ত্ৰীয়ে উল্লেখ কৰে।

    বাৰ্তা সংগ্ৰহ: আকাশবাণী গুৱাহাটী ডিজিটেল ডেস্ক

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds