31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    গোলাপত তোমাৰ সৌন্দৰ্য ♥ ৱাহিদ আহমেদ

    গোলাপত তোমাৰ সৌন্দৰ্য

    এই ৰঙা গোলাপ ফুলপাহ লৈ
    ৰাতিপুৱাই মোক শুভেচ্ছা দিবলৈ
    কিয় আহিলা
    তুমি হাতত অনা গোলাপ পাহি
    কাইলৈ দেখোন মৰহিয়েই যাব

    তুমি গোলাপ পাহি অনাৰ আগতে
    মোৰ হৃদয়খন কিয় এবাৰো চুই নাচালা
    তুমি অনা ফুলপাহতকৈও ধুনীয়া
    মোৰ হৃদয়ত ফুলি থকা গোলাপ পাহি
    মৃত্যুৰ আগলৈকে ফুলি থাকিব
    তোমাৰ সৈতে সদায়েই মৰমত হাঁহি

    কাঁইটৰ মাজৰ পৰা তুমি চিঙি আনিলা
    তুমি যদি মোৰ ওচৰত আহি এনেও
    শুভেচ্ছা দিলা হয়
    তুমি নোকোৱাকৈয়ে
    মোৰ হৃদয়ৰ পৰা ফুলপাহি উলিয়াই
    তোমাৰ হাততে মৰমেৰে গুজি দিলোঁ হয়

    আজি বাৰু সতেজ হৈ আছে তুমি ভাল পাবা
    কাইলৈ মৰহি যোৱা ফুলপাহ দেখি
    মোৰ জানো ভাল লাগিব
    এপাহ ফুল নহয় ই জীৱনৰ সেন্দূৰীয়া আলি
    অন্তৰত পৱিত্ৰতা নাথাকিলে গোটেই জীৱনটোৱে খালী

    তুমি গোলাপ ভালপোৱা সেই কথা মই জানো
    সমন্ধ গঢ়িবলৈ গোলাপৰ প্ৰয়োজন নাই
    মোৰ হিয়াৰ মৰমবোৰ চুই চাব নালাগে
    যোৱা সেই নদীখনৰ কাষলৈ গৈ
    নিস্তব্ধতাৰে তোমাৰ বুকুত হাত খন দি
    এবাৰ মোৰ নামটো মাতিবাচোন কেনেকুৱা লাগে…

     

    ৱাহিদ আহমেদ
    কাটাৰ, ডোহা
    +97431204571
    wahidahmed511@yahoo.com

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds