স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ সাধাৰণ সভা সম্পন্ন :
বিশ্বনাথ চাৰিআলি ২০ ফেব্ৰুৱাৰী ::
দেওবাৰে বিশ্বনাথ চাৰিআলি আমবাৰীত অৱস্থিত ৰাষ্ট্ৰীয় হিন্দী বিদ্যালয় প্ৰেক্ষাগৃহত
বেচৰকাৰী সংস্থা ৱাৰিৱৰ্ছৰ বিশ্বনাথ জিলা আৰু আঞ্চলিক সমূহৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ৷ম:প্ৰিন্স চামচুল হকৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ খনৰ
সভাৰ উদ্দেশ্য বাখ্যা কৰে জিলাৰ বিত্ত সম্পাদিকা পূৰবী বৰাই৷
সভাৰ উদ্দেশ্যৰ আঁত ধৰি উপদেষ্টা সূৰ্য নাৰায়ণ পাণ্ডে।
সভাত নাৰী সবলীকৰণ আৰু সজাগতাৰ ওপৰত সুন্দৰ বক্তব্য দাঙি ধৰাৰ লগতে প্ৰতি গৰাকী সদস্যকে প্ৰথমে নিজে সবল হ’বৰ বাবে পৰামৰ্শ আগবঢ়ায় সূৰ্য নাৰায়ণে।
ইফালে সভাত মহেন্দ্ৰ হাজৰিকাই স্বেচ্ছাসেৱী সংগঠনটোৰ ভৱিষ্যত আৰু পৰিকল্পনা ওপৰত বক্তব্য প্ৰদান কৰে। সভা উপস্থিত সদস্য ক্ৰমে জয়ন্তী শৰ্মা,ববী শইকীয়া,শিখামনি শৰ্মা,দিপাঙ্কৰ লাহন,পূৰবী বৰা,গীতালী ৰয় লগতে
স্থায়ী সভানেত্ৰী অঞ্জলি বৰুৱাই সভাত উপস্থিত প্ৰতি গৰাকীৰ সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰে।
ইফালে সভাৰ শেষত
বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে । প্ৰস্তাৱ সমূহ অহা ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিবস অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা, মহেন্দ্ৰ হাজৰিকা জিলা সমিতিৰ “উপদেষ্টা“ হিচাবে মনোনীত কৰা,
অধক্ষ্য লগত আলোচনা কৰি সংগঠনৰ পতাকা তৈয়াৰ কৰা জিলা খনৰ সদস্য ভৰ্তি মাচুল ৰাজ্যিক একাউণ্টলৈ প্ৰেৰণ কৰা
নতুন সদস্য ভৰ্ত্তিৰ ওপৰত সকলো সক্ৰিয় সদস্যকে দুজনকৈ সমাজৰ বাবে কাম কৰিব বিচৰা ব্যক্তি যোগদান কৰোঁ,নতুন আঞ্চলিক গঠন কৰা আৰু নিস্ক্ৰীয় হৈ থকা আঞ্চলিক সমূহক সক্ৰিয় কৰাকে ধৰি বহু কেইটা প্ৰস্তাৱ গ্ৰহণ কৰগ ৰাজ্যিক সমিতিলৈ প্ৰেৰণ কৰা সিদ্ধান্ত লয় সভাই।
Leave a Reply