স্বেচ্ছাসেৱী সংগঠন Wariors ৰ কাৰ্যনিৰ্বাহ সভা সম্পন্ন ::
তেজপুৰ 13 ফেব্ৰুৱাৰী :
নাৰী অধিকাৰ নাৰী সুৰক্ষা সমাজ সেৱাৰ শোনিতপুৰ জিলাৰ কুসুমটোলা আঞ্চলিক আৰু জামুগুৰি আঞ্চলিকৰ সহযোগত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় স্বেচ্ছাসেৱী সংগঠন Wariors ৰ। সভা খনত সভাপতিত্ব কৰে wariors ৰাজ্যিক সম্পাদিকা সু স্বপ্না হাজৰীকাই ।
সভা খনৰ আতঁ ধৰে শোনিতপুৰ জিলাৰ সম্পাদিকা বি
ৰতি বৰঠাকুৰে।
সভাত সাংগঠনিক দিশৰ ওপৰত ৰাজ্যিক বিত্ত সম্পাদিকা নিতুপৰ্ণা শৰ্মাই তেওঁৰ মন্তব্য দাঙি ধৰে।
সাংগঠনিক ও বিত্ত বিষয়ৰ আলোচনাৰ ওপৰত ৰাজ্যিক সম্পাদিকা
সু স্বপ্না হাজৰীকাই নিজৰ মন্তব্যত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰা লগতে সংগঠনটো অধিক কি দৰে শক্তিশালী কৰি ৰাইজৰ সেৱা কৰিব পাৰি তাৰ ওপৰত বহলাই বাখ্যা কৰে।
আনহাতে সভা খনৰ প্ৰশ্নৰ শিতান অনুষ্ঠানত সভাত প্ৰকাশ হোৱা সকলৰ প্ৰশ্নৰ উত্তৰ ৰাজ্যিক সম্পাদিকা সু স্বপ্না হাজৰীকা
আৰু জিলাৰ বিত্ত সম্পাদিকা স্মৃতি ৰেখা হাজৰীকাই সুন্দৰ সদস্যা সকলক বুজাই দিয়ে।
লগতে অনাগত দিনত লবলগীয়া কাৰ্যসুচিৰ ওপৰত শোনিতপুৰ জিলা সমিতিয়ে বিশদ ভাবে আলোচনা কৰে এই সভাতেই ।
ৰাজ্যিক সম্পাদিকা সু স্বপ্না হাজৰীকা আৰু জিলা সম্পাদিকা বিৰতি বৰঠাকুৰে
বিভিন্ন পদক্ষেপ লোৱাৰ বিষয়ে আঞ্চলিক সমুহক সুন্দৰ ভাবে দিহা পৰামৰ্শ দিয়ে।
সদস্য সকলৰ একেষাৰত জামুগুৰী আঞ্চলিকৰ সদস্য কল্যাণী হাজৰীকা, প্ৰতীমা হাজৰীকা, কুসুমটোলা আঞ্চলীকৰ সম্পাদিকা পম্পি ৰাজখোৱা, সদস্য শিখা বৰঠাকুৰ সকলোৱে নিজৰ নিজৰ বক্তব্য দাঙি ধৰে। সভাত শোনিতপুৰ জিলাৰ ব্লাড এডমিন পুজা আচাৰ্য প্ৰমুখ্যে আৰু কেইবা গৰাকী সদস্য উপস্থিত থাকে।
Leave a Reply