অৰুণাচলত ৭ ভাৰতীয় সেনাৰ জোৱান আবদ্ধ : উদ্ধাৰ অভিযান অব্যাহত :
কামেং সীমান্তত প্ৰচণ্ড তুষাৰপাতত ভাৰতীয় সেনাৰ ৭ জন তাহালদাৰী জোৱান আবদ্ধ, উদ্ধাৰ অভিযান অব্যাহত ।
ভাৰতীয় সেনাৰ এটা ৭ জনীয়া তহলদাৰী দল প্ৰচণ্ড তুষাৰপাতৰ মাজত আবদ্ধ । তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডে জনায় যে ৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ উচ্চ উচ্চতা অঞ্চলত হোৱা হিমস্খলনৰ ফলত ৭ জন ভাৰতীয় সেনাৰ, এটা তহলদাৰী দল আৱদ্ধ হৈ থকাবুলি জানিব পৰা গৈছে।
বৰ্তমান অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে।
উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বিশেষ দলবোৰক হেলিকপ্টাৰৰে উদ্ধাৰ কৰিবলৈ লৈ যোৱা হৈছে।
অঞ্চলটোত যোৱা কেইদিনমানৰ পৰা প্ৰচণ্ড তুষাৰপাত হৈ আছে। আৰু প্ৰতিকূল বতৰৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে ।
আনহাতে পশ্চিম অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ বমদিলা, ৰূপা, ডিৰাং আৰু টেঙা ভেলীত আজিও প্ৰচণ্ড তুষাৰপাত হোৱা খবৰ আহিছে।
Leave a Reply