বিহালীত পবিত্ৰ উৎসৱ চনম লোচ্ছাৰত বিধায়ক ৰঞ্জিত দত্ত :
বিশ্বনাথ চাৰিআলি ২ ফেব্ৰুৱাৰী :
বুধবাৰ পৰা বৌদ্ধিষ্ট সকলৰ নতুন বছৰৰ আৰম্ভনি ।
এই দিনটো পৰাই তেওঁলোকৰ পবিত্ৰ উৎসৱ চনম লোচ্ছাৰ আয়োজন কৰে। বিহালী সমষ্টিৰ বটীয়ামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নেপালীবৰীস্থিত তামাং বস্তিত এই উৎসৱ আয়োজন কৰিছে বৌদ্ধিক সকলে।
তেওঁলোকৰ নৱ নিৰ্মিত গোম্ফাত অনুষ্ঠিত চনম লোচ্ছাৰ উৎসৱত ভাগ লয় অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ। দত্তই অংশগ্ৰহণ কৰি পবিত্ৰ গোম্ফাত বন্তি প্ৰজ্জলন কৰি বৌদ্ধিষ্ট ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনায়৷
ইয়াৰোপৰি তেওঁৰ ভাষণত তেওঁলোকৰ গাঁৱলৈ যোৱা পথটো দীৰ্ঘদিন ধৰি পকী নোহোৱাত পথটো শীঘ্ৰে পকী কৰণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক ৰঞ্জিত দত্তই।দীৰ্ঘদিনীয় সমস্যাটোৰ সমাধানৰ প্ৰতিশ্ৰুতি লাভ কৰি স্থানীয় ৰাইজে আত্ম সন্তুষ্টি সন্তষ্টি প্ৰকাশ কৰে৷ উক্ত অনুষ্ঠানত বিধায়কৰ লগতে নিজবিহালী জিলা পৰিষদৰ সদস্যা দিপিকা দেৱী ঢাকাল ,বৰালীমৰা গাঁও পঞ্চায়তৰ সভাপতি লাচিত বৰা,স্থানীয় সমাজকৰ্মী ৰামকৃষ্ণ পৌড়েল,সমাজকৰ্মী তথা শিক্ষক সঞ্জীৱ কুমাৰ দাস, সমাজকৰ্মী ব্যক্তি লক্ষী ভৰালীকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে৷
Leave a Reply