জুবিন গাৰ্গৰ কণ্ঠেৰে কভিড সেনানীসকললৈ উছৰ্গিত ‘‘মন্দিৰ মছজিদ …’’

♥২০২০ বৰ্ষটো মানৱজাতিৰ বাবে এটা পাহৰিব নোৱাৰা বছৰ। ক’ভিড-১৯ ৰ আতংকই ছানি ধৰা সেই সময়খিনিত সন্মুখৰ শাৰীত থাকি যুঁজ দিয়া সেনানীসকলৰ ভিতৰত অন্যতম আছিল চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল। নিজৰ পৰিয়ালৰ পৰাও আঁতৰি অহৰহ কভিড আক্ৰান্ত ৰোগীসকলৰ সৈতে তেওঁলোকে সময় পাৰ কৰিবলগা হৈছিল। নিজৰ জীৱনক তুচ্ছ লগাই তেওঁলোকে যুঁজিছিল অদৃশ্য ভাইৰাচৰ বিৰুদ্ধে।

এই অক্লান্ত সৈনিকসকললৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা যাচি কবি/গীতিকাৰ মেঘালী গগৈৰ কলমেৰে সৃষ্টি হ’ল ‘‘মন্দিৰ মছজিদ …’’ শীৰ্ষক এটি গীত। সেই সময়ছোৱাত চিকিৎসাকৰ্মীসকলৰ মানসিক অৱস্থা তথা শাৰীৰিক কষ্টৰ কথা প্ৰতিফলিত হোৱা গীতটিৰ আৱেগে জোকাৰি যোৱা অসমৰ এগৰাকী প্ৰতিভাৱান সংগীতকাৰ পাৰ্থপ্ৰতিম দাসে অতি সুন্দৰকৈ গীতটি সুৰেৰে সজাই তুলিলে।

গীতটিৰ অন্তৰ্নিহিত আৱেগ তথা সহমৰ্মিতাত অভিভূত হ’ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ সোণালী কণ্ঠত গীতটি বাণীবদ্ধ হ’ল। গীতটিৰ ভিডিঅটিত অনুপ্ৰাস দাসৰ নিৰ্দেশনাত অংশগ্ৰহণ কৰিলে নৃত্যশিল্পী ৰাজ চাংমা আৰু নৱনীতা চৌধুৰীয়ে। দুয়োজন শিল্পীৰ অভিনৱ নৃত্যশৈলীৰে জীৱন্ত হৈ উঠিল ‘‘মন্দিৰ মছজিদ …’’

যোৱা ৫ ফেব্ৰুৱাৰীৰ দিনা গীতটিৰ অডিঅ তথা ভিডিঅটি ‘‘ঝংকাৰ-দি মিউজিকেল চেনে’’ নামৰ ইউটিউব চেনেলটিৰ জৰিয়তে মুক্তি দিয়া হয় ।মুক্তিৰ পিছতেই গীতটিয়ে শ্ৰোতা-দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰা দেখা গৈছে। চিকিৎসাকৰ্মীসকলৰ কষ্ট আৰু ত্যাগৰ প্ৰতি সহমৰ্মিতা তথা প্ৰেৰণাদায়ক বাৰ্তা বহন কৰা গীতটিয়ে অনুভৱী শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰা পৰিলক্ষিত হৈছে। কৰ’নাক্ৰান্ত এছোৱা সময়ৰ কালজয়ী দলিলৰূপে চিহ্নিত হৈছে ‘মন্দিৰ মছজিদ …’।

Be the first to comment

Leave a Reply

Your email address will not be published.


*