পিয়ানোবাদক ৰণ চা’ Single ‘LOST’ উন্মোচন

পিয়ানোবাদক ৰণ চা’ Single ‘LOST’ উন্মোচন
কল্পনা পাটৱাৰী সহযোগত অসমীয়া লোকসংগীত আৰু Jazzৰ মিশ্ৰণ প্ৰথম বাৰৰ বাবে।
গুৱাহাটী, 16 জানুৱাৰী, ২০২২: অসমৰ নিজৰ পিয়ানোবাদক ৰণ চা’ৰ ‘single’ LOST মুকলি কৰা হয়।

LOST এটি পুৰণি অসমীয়া লোক সংগীত। LOSTক সুৰেৰে সজোৱাত ৰণ চা’ৰ লগতে শিল্পী কল্পনা পাটোৱাৰী, দ্ৰামত সহযোগ কৰিছে ফেৰেঞ্চ নেমেথ (Hungary), বেছ গীটাৰত এলেকজেণ্ডাৰ তথ (আমেৰিকা), নাধস্বৰামত মায়লৈ কৰ্তিকেয়ন (চেন্নাই)।


এই সংগীতৰ যাত্ৰা আৰু LOSTৰ জন্ম সুঁৱৰি শিল্পী ৰণ চা’য়ে কয়-” এই গীততিত ৰাইজে অসমীয়া লোকগীতৰ সুৰৰ মূৰ্চানা অনুভৱ কৰিব পাৰিব। অসমীয়া গ্ৰাম্য জীৱনৰ দৈনন্দিন ব্যবাহিত সুৰৰ ময়াজালত ভৱিষ্যত প্ৰজন্মই যাতে মোহ যাব পাৰে তাৰ চেষ্টা কৰা হৈছে।
তেওঁ লগতে কয় যে – Jazz হল মোৰ জীৱনৰ এক অনভিন্য অংগ।

মোৰ সংগীতৰ যাত্ৰাত অসমীয়া সংস্কৃতিক গভীৰ ভাবে লবলে লগ হলো কল্পনা পাটোৱাৰীৰ সৈতে, যি ইতিমধ্যে অসমীয়া লোক সংগীতৰ জগতত প্ৰসিদ্ধ।
তেওঁ কয়- আমি বেলেগ বেলেগ ঠাইৰ পৰা আহি এক যুটীয়া প্ৰচেষ্টাৰে অসমীয়া থলুৱা সংস্কৃতিৰ সুৰ আৰু Jazzৰ মিশ্ৰণ ঘটাই এক সুকীয়া আমেজ দিয়াৰ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ ৰাইজে এই গীতটি আদৰি লব।


সুৰৰ এই মিশ্ৰণত Mixing/ Mastering সহায় কৰিছে আমেৰিকাৰ দেৱ দৰ্লিংটন।


ৰণ চা হল এ ৰ ৰহমান স্কলাৰশ্বিপ লৈ Berklee College of Music, Bostonৰ পৰা স্নাতক উপাধি লোৱা শিল্পী।
LOST, মাটি নামৰ এটি এলবামৰ প্ৰথম গীত। এই album জুন, ২০২২ত উন্মোচন কৰিবলে ঠিক কৰা হৈছে।

এই গীতটি সকলোৰে বাবে উপলব্ধ হব সকলো streaming প্লেটফৰ্মত, যেনে Spotify, Apple Music, ইত্যাদি। ৰণ চা ২০২০ চনত, “Speaking without Words” নামেৰে এটা একক পিয়ানো এলবাম মুকলি কৰিছিল। আৰু আমেৰিকাৰ সংগীত শিল্পী Isaiah Weathespoonৰ সৈতে “Ron and Spoon Beat Tape Vol. 1” নামেৰে album ২০১৮ চনত মুকলি কৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*