প্ৰতিবেদক, ৰঙাপৰাঃ ৰঙাপৰা ক্ৰীড়া সন্থা আৰু ৰঙাপৰা প্ৰেছ ক্লাৱৰ সৌজন্যত ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালিৰে পৰা অনুষ্ঠিত হোৱা ভলীবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৩-০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।
ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত ৮ খন বিদ্যালয় অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে, সোমবাৰে ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন গোস্বামীয়ে পতাকা উত্তোলন কৰাৰ লগতে ৰঙাপৰা ক্ৰীড়া সন্থাৰ সভাপতি বিৰুজ শইকীয়া খেল উদ্ধোধন কৰে।
ৰঙাপৰা ক্ৰীড়া সন্থাৰ সম্পাদক আব্দুল ৰহিম,সাংবাদিক পংকজ নাথ,অমিত নাৰ্জাৰী ,দীপক শইকীয়া আৰু শুকেশ দাসে খেল কেইখন পৰিচালনা কৰে।বিদ্যালয়ৰ বিষয় শিক্ষক নন্দেশ্বৰ ভৰালীয়ে আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন শিক্ষক ভৱেশ মিশ্ৰই।
বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰি বালিপৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মনিশ ঠাকুৰে কয় যে শিশুৰ মনত নতুন প্ৰতিভা জাগ্ৰত কৰিবলৈ খেল-ধেমালিৰ আৱশ্যকতা আছে।
খেলাই কোনো এটা বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। তেওঁ ৰাষ্ট্ৰীয় শিক্ষা নিতিৰ ওপৰত আলোকপাত কৰে। খেলুৱৈয়ে নিজৰ প্ৰতিভাৰ দ্বাৰা নিজৰ পৰিচয় দাঙি ধৰে বুলি তেওঁ নিজৰ ভাষনত উল্লেখ কৰে।
১৭৫১ চনত হিপ্ হিপ্ হুৰৰে শব্দটো প্ৰথম প্ৰয়োগ হৈছিল আৰু এই এই শব্দ আনন্দ প্ৰকাশত ব্যৱহৃত হয় বুলি তেওঁ কয়।বিদ্যালয়ৰ অধ্যক্ষ মোহন গোস্বামীয়ে কয় যে শিক্ষাৰ জড়িয়তে মনৰ বিকাশ হয় আৰু খেলৰ জড়িয়তে শৰীৰৰ বিকাশ হয়।
খেল ধেমালি সমাজ গঠনত সক্ৰিয় ভূমিকা পালন কৰে।খেল ধেমালি শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অধ্যায় বুলি তেওঁ উল্লেখ কৰে।সভাত অংশগ্ৰহণ কৰি ৰঙাপৰা প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডঃ দিলিৰাম অধিকাৰীয়ে কয় যে খেলৰ জৰিয়তে শিশু সকল শাৰিৰীকভাৱে সুস্থ আৰু নিৰোগী হয়।
যিবিলাক খেলা সক্রিয় আৰু শক্তিশালী, তেনেধৰণৰ খেলাই শিশুৰ মাংসপেশী নিয়ন্ত্ৰণৰ সহায়ক। দেহৰ অংগসমূহৰ পৰিপক্ক দৈহিক বিকাশ আৰু অংগ-সঞ্চালনাৰ দক্ষতা অর্জন কৰিব পাৰি আৰু শিশুৰ এই দক্ষতাবোৰৰ অভ্যসনৰ সুযোগ পায়। খেলৰ দ্বাৰা যিদৰে শিৰাৰ সুষম বিকাশ ঘটে, ঠিক তেনেদৰে সামগ্রিক পেশীৰ সমন্বয়ো ঘটে।সভাত ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি সুনিল মৰে ল’ৰা-ছোৱালীক পঢ়া লগতে খেলতো মনযোগ দিবলৈ আহ্বান জনায়।
নিজৰ সভাপতিৰ ভাষনত প্ৰাক্তন শিক্ষক ভৱেশ মিশ্ৰই কয় যে কৃতকাৰ্যতা পাবলৈ কোনো চমু বাট নাই। বাট বহু দীঘলীয়া।কৃতকাৰ্যতা পাবলৈ কষ্ট কৰিব লাগিব।আজিৰ সভাত প্ৰাক্তন অধ্যক্ষ বীৰেন্দ্ৰ কুমাৰ দত্ত, ৰঙাপৰা ক্ৰীড়া সন্থাৰ সভাপতি বিৰুজ শইকীয়া, সম্পাদক আব্দুল ৰহিম আৰু বিদ্যালয় শিক্ষক-শিক্ষায়ত্ৰী অংশগ্ৰহণ কৰে। শিক্ষা বিষয়া মনিশ ঠাকুৰ আৰু ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি সুনিল মৰে বঁটা সমূহ বিতৰণ কৰে।
Leave a Reply