উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল জনতা ভৱনৰ কৰ্মচাৰী, আটক ছিনিয়ৰ একাউণ্টেণ্ট
গুৱাহাটী ৪ জানুৱাৰী : এইবাৰ জনতা ভৱনত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
নগদ ৪ হাজাৰ টকাৰ ঘােচ লৈ হাতে-লোটে ধৰা পৰিল জনতা ভৱনৰ এগৰাকী মহিলা কৰ্মচাৰী।
এই মহিলা কৰ্মচাৰীগৰাকীৰ নাম সীমা দেৱী।
তেওঁ জনতা ভৱন স্থিত বড়োলেণ্ড কল্যাণ বিভাগৰ জ্যেষ্ঠ সহায়ক বুলি জানিব পৰা গৈছে।
এজন ব্যক্তিৰ কাম কৰি দিয়াৰ বিনিময়ত ১੦ হাজাৰ টকা দাবী কৰিছিল সীমা দেৱীয়ে। ইয়াৰে প্ৰথম কিস্তিত ৪ হাজাৰ ঘোচ লৈ হাতে-লােটে ধৰা পৰে এই দুৰ্নীতিগ্ৰস্ত মহিলা কৰ্মচাৰীগৰাকী।
ভুক্তভােগী লোকজনে ইতিপূৰ্বে ঘােচ দাবী কৰাৰ কথা অৱগত কৰিছিল দুৰ্নীতি নিবাৰক শাখাক।
তাৰ পিছতে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই সচিবালয়ত।
জানিব পৰা মতে, জনতা ভৱনৰ ডি ব্লকৰ তৃতীয় মহলাৰ পৰা আটক কৰা হৈছে এই মহিলা কৰ্মচাৰীগৰাকীক।
জানিব পৰা মতে, সীমা দেৱীৰ মানি বেগৰ পৰা নগদ ৯৯ হাজাৰ টকাও জব্দ কৰে অভিযানকাৰী দলটােৱে।
Leave a Reply