বিশ্বনাথ চাৰিআলি সাহিত্য সভা প্ৰেক্ষাগৃহত গ্ৰন্থ উন্মোচনী সভা

বিশ্বনাথ চাৰিআলি সাহিত্য সভা প্ৰেক্ষাগৃহত গ্ৰন্থ উন্মোচনী সভা ::

বিশ্বনাথ চাৰিআলি ১৯ ডিচেম্বৰ :

দেওবাৰে বিশ্বনাথ চাৰিআলি সাহিত্য সভা প্ৰেক্ষাগৃহত বিশ্বনাথ জিলাৰ কবি চক্ৰ দ্বাৰা আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে শোনিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ প্ৰসাদ শইকীয়াই।

দুখনকৈ গ্ৰন্থ উন্মোচন কৰা
সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজ সেৱিকা তৰামাই শইকীয়াই।

সভাৰ আৰম্ভনি গীত পৰিবেশন কৰে মঞ্জিত বৰঠাকুৰে ।

সভাৰ মাজতে বিষ্ণু ৰাভা সঙ্গীত পৰিবেশন কৰে নীলাক্ষী দেবীয়ে।
আনহাতে সভাৰ খনৰ আতঁ ধৰে বিশ্বনাথ জিলা কবি চক্ৰ কাৰ্যকৰী সভাপতি টেজেন হাজৰিকাই।
ইয়াৰ পিছতে সভাত
বিশিষ্ট লেখক কবি সাহিত্যিক ভূধৰ দাসে লিখিত “জীৱন জীয়াৰ স্বপ্ন” গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক কবি সাংবাদিক অনূপ কুমাৰ তালুকদাৰে।


আনখন বিশিষ্ট লেখিকা কবি সাহিত্যিক ৰুবি শইকীয়া দাসে লিখা “ৰঙা চোলাটো” নামৰ গ্ৰন্থ উন্মোচন কৰে বিশ্বনাথ মহাবিদ্যালয় অধ্যক্ষ ড০ চিন্তামণি শৰ্মাই।

ইফালে সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশ্বনাথ মহাবিদ্যালয়ৰ জ্যেষ্ঠ ইংৰাজী প্ৰবক্তা
ড০ নিপম শইকীয়াই।

অধ:শতাধীক সাহিত্য প্ৰেমীৰ লগতে গহপুৰৰ কবি দীপা শইকীয়া “বৰগাঙৰ অৰ্পনা শইকীয়া দাস “বিহালীৰ প্ৰেম বৈষ্ণৱ ৰ’দ আলোচনীৰ সম্পাদক জয়ন্ত বৰুৱা “বৰগাঙৰ জ্যেষ্ঠ সাংবাদিক খগেন মটক আদিয়ে অংশ লয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*