বিহালী ৰাংছালীত মাইনা পাৰিজাতৰ উদ্যোগত আকস্মিক বক্তৃতা প্ৰতিযোগিতা সম্পন্ন ::
দেওবাৰে বিহালী সমষ্টিৰ ৰাংছালী ৰংঘ মঞ্চত প্ৰাংগণত ৰাংছালী ৰামধেনু মইনা পাৰিজাতৰ উদ্যেগত আৰু বিহালী আঞ্চলিক মাইনা পাৰিজাতৰ সহযোগত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।
বিহালী আঞ্চলিক মইনা পাৰিজাতৰ ১২ টা শাখাৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৰাংছালী ৰামধেনু মইনা পাৰিজাতে।

এই অনুষ্ঠানটোত বিশেষ ভাৱে উদ্যোগ লয় ৰাংছালী যুৱক সমাজ কৰ্মী তথা ৰামধেনু মইনা পাৰিজাতৰ সম্পাদক অৱনী হাজৰীকাই।
এই অনুষ্ঠানত বিহালীৰ বিভিন্ন প্ৰান্তৰ কণ কণ শিশু ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত।
আনহাতে এই প্ৰতিযোগিতা অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে সমাজ কৰ্মী মহম্মদ আলি,
দিপক শৰ্মা, শিক্ষক বিশ্বজিৎ ৰয়, শুকদেব বৰুৱা, কাৰ্তিক দাস, বিবেকানন্দ দাস, আৰু বহুকেইগৰাকী গন্য মান্য ব্যক্তি তথা মহিলা আৰু যুৱক যুবতি।
Leave a Reply Cancel reply