ডিব্ৰুগড়ত সাংবাদিক ভবন আৰু আবাসিক কলনি নির্মাণৰ ব্যৱস্থা কৰা, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি মাজিথিয়া কাৰ্যকৰীকৰণৰ বাবে চৰকাৰে উদ্যোগ গ্ৰহণ, সাংবাদিকৰ বাবে স্বাস্থ্য বীমা আঁচনি প্রণয়ন, খালী হৈ থকা ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়া শীঘ্ৰে নিযুক্তি দিয়া, ডিব্ৰুগড়ত সাংবাদিকতাৰ বিশ্ববিদ্যালয় স্থাপন কৰা, সকলো সাংবাদিকক ৰাজ্য চৰকাৰৰ স্বীকৃতি-পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা আৰু পেঞ্চন আঁচনিৰ সকলো স্বীকৃতিপ্রাপ্ত সাংবাদিকক সামৰি লোৱা আৰু পেঞ্চম প্ৰদানৰ সংখ্যা বৃদ্ধি কৰাৰ দাবীত
তথ্য আৰু জনসংযোগ, জলসম্পদ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাক স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
ডিব্ৰুগড় জিলাৰ খোৱাংৰ পৰা ডিকমলৈকে সাংবাদিক সকলক লৈ গঠিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে সাংবাদিক আৰু ৰাইজৰ স্বাৰ্থত জন্মলগ্নৰে পৰা কাম কৰি আহিছে।
বিগত সময়ত চৰকাৰৰ ওচৰত বহু বাৰ দাবীসমূহ উত্থাপন কৰি অহা হৈছে যদিও সমাধান হোৱা নাই।
পুনৰ তথ্য আৰু জনসংযোগ, জলসম্পদ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাক বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা আৰু সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই সহ সহকাৰী সম্পাদক মুক্তামনি হাজৰিকা, সাংগঠনিক সম্পাদক টমাছ বুঢ়াগোহাঁই, কাৰ্যনিৰ্বাহক সদস্য হিৰণ্য কৌশিক বড়া সহ এটা সজাতী দলে সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰা লগতে চমু আলোচনাত মিলিত হয়।
মন্ত্ৰী গৰাকীক লগতে শাৰীৰিক ভাৱে অসুস্থ হৈ চিকিৎসাধীন থকা জেষ্ঠ সাংবাদিক আদিত্য শইকীয়াৰ উন্নত চিকিৎসা ব্যৱস্থা কৰাৰ বাবেয়ো ক্লাবৰ তৰফৰ পৰা অনুৰোধ কৰা হয়।
আনহাতে মন্ত্ৰী গৰাকীয়ে তাৎক্ষণিক ভাৱে চিকিৎসা মহাবিদ্যালয় কতৃপক্ষৰ সৈতে সাংবাদিক জনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসা ব্যয় ৰেহাই দিয়াৰ বাবে নিৰ্দেশ দিয়ে।
আনহাতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ স্মাৰক পত্ৰ সন্দৰ্ভত দাবী সমুহ কাৰ্যকৰী কৰাৰ আশ্বাস প্ৰদান কৰে।লগতে মন্ত্ৰী গৰাকীক ফুলাম গামোচা আৰু ক্লাবৰ এটা স্মাৰকৰ জৰিয়তে সম্ভাষণ জনোৱা হয়।
Leave a Reply