বিশ্বনাথ মহাবিদ্যালয়ত ২৯ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ অনলাইন সম্পন্ন
অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ৭ ডিচেম্বৰ ঃ
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক সমাৰোহ অনলাইন মাধ্যমৰ জৰিয়তে বিশ্বনাথ মহাবিদ্যালয়ত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত কৰা হয়।
বিশ্বনাথ জিলা শিশু বিজ্ঞান সমাৰোহৰ জিলা সমন্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে আঁত ধৰা উদ্বোধনী সভাত কাৰ্যকৰী সভাপতি ৰাণা প্ৰসাদ হাজৰিকাই সভাপতিত্ব কৰে। উক্ত সভাত আদৰণি ভাষণ প্ৰদান কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মাই।
অধ্যক্ষ চিন্তামণি শৰ্মাই শিশুসকলক সমসাময়িক সমাজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰকল্প সমূহে কেনদৰে সুবিধা কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰে।
বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ প্ৰশান্ত নেওগ আৰু বিশ্বনাথ জিলা শিশু বিজ্ঞান সমাৰোহৰ শৈক্ষিক সমিতিৰ সভাপতি ডক্টৰ হেমেন্দ্ৰ চৌধুৰীয়ে শিশু বিজ্ঞানী সকলক শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰে।
২০১২ চনৰ বিশ্বনাথ জিলাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা প্ৰাক্তন শিশু বিজ্ঞানী অংশুমান হাজৰিকাই ৰাজ্যিক সমাৰোহত অংশগ্ৰহণ কৰা শিশু বিজ্ঞানী সকলক শপত বাক্য পাঠ কৰোৱায়।
বিশ্বনাথ জিলা শিশু বিজ্ঞান সমাৰোহৰ শৈক্ষিক সমন্বয়ক ডক্টৰ দেৱাশিষ শৰ্মাৰ তত্ত্বাৱধানত গুৱাহাটী কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা অনলাইন কাৰিকৰী সত্ৰ পৰিচালনা কৰে। যোৱা ২২ নৱেম্বৰত অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহৰ ১৫০টা প্ৰকল্পৰ পৰা ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত ১২ টা প্ৰকল্পৰ উপস্থাপন কৰা হয়।
উল্লেখযোগ্য যে জিলা সমন্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে সাংবাদিকক জনোৱা মতে ৩৩খন জিলাৰ পৰা ৰাজ্যিক পৰ্যায়ত অনলাইন মাধ্যমৰ সহায়ত অংশগ্ৰহণ কৰা দুই শতাধিক প্ৰকল্পৰ ভিতৰত ২৬ টা প্ৰকল্প ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত কৰা হ’ব।
আজিৰ প্ৰকল্পৰ ভিতৰত ফটিকাৰ পৰা হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখা সজুঁলি, শিমলু চালৰ চেম্পু, পেলনীয়া প্লাষ্টিকৰে ৰছী, কটা চুলিৰ ব্যৱস্থাপনা, বানপানী অধ্যুষিত অঞ্চলত অনাময় ব্যৱস্থাৰ উদ্ভাৱনে সকলোকে মোহিত কৰে।
Leave a Reply