ৰঙিয়াত অসম জাতীয় পৰিষদৰ অৱস্থান

■ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ ||
লাইকা দধিয়া বাসীৰ পুনৰ সংস্থাপনৰ দাবীত আজি অসম জাতীয় পৰিষদৰ কামৰূপ জিলা আহ্বায়ক সমিতিৰ উদ্যোগত ৰঙিয়াৰ মাজমজিয়াত অৱস্থিত পৰিদৰ্শন বাংলাৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

উল্লেখযোগ্য যে আজি এমাহৰো অধিককাল উকলি যোৱাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা গাওঁবাসীক কোনোধনৰণৰ সংস্থাপন নিদিয়াত ধৰ্মঘটকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদ কাৰী সকলে লাইকা দধিয়াৰ দুৰ্গত ৰাইজক সংস্থাপিত কৰক, অসমৰ বান গড়াখহনীয়াত ক্ষতিগ্ৰস্ত সকলক সংস্থাপিত কৰক, হৰি শংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্য্যকৰী কৰক,আদি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।

উক্ত ধৰ্মঘট কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ ৰঙিয়া বিধান সভা সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী পুলীন লহকৰ, দলটোৰ ৰাজ্যিক আহ্বায়কৰ দায়িত্বত থকা মুজিবুদ্দিন আহমেদকে ধৰি কেবাজনো সদস্য উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.