বিশ্বনাথত হৰিণ উদ্ধাৰ :

Deer rescued in bishwanath:

বিশ্বনাথত হৰিণ উদ্ধাৰ :

সোমবাৰে পুৱা বিশ্বনাথ ঘাটৰ নিজ বিশ্বনাথত ৰাইজৰ তৎপৰতা উদ্ধাৰ হয় এটা হৰিণ ।
বিশ্বনাথ ঘাটৰ নিজ বিশ্বনাথত ৰাইজে উদ্ধাৰ কৰে হৰিণটো।

খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি জনাঞ্চলত হৰিণটো প্ৰৱেশ কৰে ।ইফালে
পুৱা প্ৰায় ৯ মান বজাত নিজ বিশ্বনাথৰ বিশ্বনাথ হাই স্কুলৰ সমীপত পহুটো তাঁৰত আৱদ্ধ হৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।

পহুটো স্থানীয় অঞ্চলবাসীয়ে সুকলমে উদ্ধাৰ কৰি বিশ্বনাথ ঘাটস্থিত কেন্দ্ৰীয় বনাঞ্চিক কাৰ্যালয়ত পহু উদ্ধাৰ হোৱা বুলি অৱগত কৰে।
পহুটো উদ্ধাৰৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ দল। ৰাইজৰ তৎপৰতাত সুকলমে উদ্ধাৰ হোৱা পহুটোক পৰৱৰ্তী সময়ত বন বিভাগৰ দলে নিৰাপদ স্থানত মুকলি কৰাৰ বাবে লৈ যায়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*