ৰণদিয়া শতদল সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন :

ৰণদিয়া শতদল সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন :

ৰঙিয়া,২৯ নৱেম্বৰ
ৰণদিয়া(শতদল) সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিস্তৃত কাৰ্য্যসূচীৰে এখন সভা আয়োজন কৰা হয়।

ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত সভাৰ আৰম্ভণিতে প্ৰয়াত সাহিত্যিক গৱেষক পণ্ডিত মামণী ৰয়চম গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰি স্মৃতি তৰ্পণ কৰা হয়।

সভাৰ লগত সংগতি ৰাখি মুখপত্ৰ ৰণদিয়া, বৰলীয়া পাৰৰ এমুঠি কবিতা, বহুদিনেই হ’ল নামৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। উক্ত সভাত ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতা, অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিণী দেৱী,পদ্মশ্ৰী সূৰ্য্য হাজৰিকা,এমট্ৰনৰ অধ্যক্ষ দিনমণি ভাণ্ডাৰ কায়স্থ,সাহিত্য সভাৰ পত্ৰিকা সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা,নৃপেন্দ্ৰ কুমাৰ ভাগৱতী,যাদৱ চন্দ্ৰ শৰ্মা,পৰিচালক পঙ্কজ পল্লৱ শৰ্মা, কবি উজ্জ্বল ডেকাসহ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক শুভকাংশী উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*