তেজপুৰ কলিয়াভোমোৰা দলঙত ট্ৰাক আৰু চোতাহাটীৰ দুৰ্ঘটনা ,  ট্ৰাকৰ  হেণ্ডিমেনৰ সন্ধানহীন ,দলঙৰ ৰেলিঙ ভাঙি যাতায়ত বন্ধ ।

ষ্টাফ ৰিপৰ্টাৰ , তেজপুৰ, ,26 নৱেম্বৰ : কালিকা লাগিছে নেকি কলিয়াভোমোৰা দলঙত ?এটা সপ্তাহৰ ভিতৰত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনা ।

আজি পুৱতি নিশা পুনৰ ভোমোৰাগুৰি দলঙৰ ওপৰত এখন  কংটাইনের আৰু এসব যাত্ৰীবাহি তাত চোতাহাটী বাহনৰ লগত সংঘৰ্ষ হৈ কংতাইনৰ খনৰ হেণ্ডিমেনৰ নিৰুদেশ হৈ আছে ।

আৰক্ষী য়ে জনোৱা মতে দয়োজন ড্ৰাইভাৰ গুৰুতৰ ভাবে আহত হৈ চিকিৎসালয়ত আছে ।

কংটাইনের খনে ভোমোৰাগুৰি দলঙৰ ৰেলিঙ ভাঙি সন্মুখ ভাগ নদীৰ ওপৰত ওলমি আছে আৰু দলঙৰ ওপৰেদি অহা যোৱা সম্পূৰ্ণ বন্ধ হৈ আছে ।

বৰ্তমান আৰক্ষীয়ে বাহন খন দলঙৰ পৰা আঁতৰাই নগাঁও আৰু উজনি অসম সংযোগী 37(A) ৰাষ্ট্ৰীয় ঘাই পথ মুকলি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

উল্লেখযোগ্য যে  এই সপ্তাহৰ ২২ নৱেম্বৰত

তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰৰ বুকুত সোমাই পৰিছিল এখন ট্ৰাক ।

শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে  ১০ চকীয়া ট্ৰাক খন SAM Transport companyৰ আছিল ।

এই ট্ৰাক খনৰ  NL01K3553 নম্বৰৰ ট্ৰাক খন ২১ নৱেম্বৰত ডিমাপুৰৰ পৰা বান্দৰদোৱালৈ ১৬ মেট্ৰিক টন লোহা ৰড কঢ়িয়াই আনিছিল। নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ট্ৰাকখন ।

 নিখোজ হৈ থকা ট্ৰাক খনৰ চালক আছিল জামুগুৰি আগৰিপামৰ ৰাজীৱ বিশ্বকৰ্মা আৰু হেণ্ডিমেনজন  বিহালী ৰঙাচালিৰ অমিত ডনাৰ ওৰফে লুতে বুলি চিনাক্ত হৈছে ট্ৰাকৰ ভিতৰ পোৱা এটা বেগৰ পৰা উদ্ধাৰ হৈছিল  তেওঁলোকৰ নথি পত্ৰ ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*