Monday, June 30, 2025
34.2 C
Guwahati
TOP NEWS:

ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্ব ডাঃ প্ৰত্যশী প্ৰাঞ্জল ভৰালীৰ পোষ্টাৰ চিঙি লণ্ডভণ্ড,ব্যপক প্ৰতিক্ৰিয়া দলৰ আভ্যন্তৰীণ মহলত

- Advertisement -

● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন
■ আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হোৱাৰ পূৰ্বে ৰঙিয়া সমষ্টিত বিজেপি দলৰ ভিতৰত আৰম্ভ হৈছে আভ্যন্তৰীণ তীব্ৰ সংঘাত। ৰঙিয়াত প্ৰাক নিৰ্বাচনী সংঘাত। বিজেপিৰ ৰাজ‍্যিক কাৰ্যনিৰ্বাহক ডাঃ প্ৰাঞ্জল ভৰালীৰ পোষ্টাৰ আৰু হৰ্ডিং ফালিলে দুৰ্বৃত্তই।

পোষ্টাৰ সমুহত প্ৰাঞ্জল ভৰালীয়ে ৰঙিয়া বাসীক জনাইছিল আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা। কিছুদিন পূৰ্বে লগোৱা এই পোস্তাৰসমুহ ৰাতিটোৰ ভিতৰতে কোনো লোকে ব্লেডেৰে ফালি পেলায়।

এই ঘটনাই ৰঙিয়াৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ‍্য মতে এইবাৰ নিৰ্বাচনত বিজেপি দলৰ পৰা ৰঙিয়া সমষ্টিত ডাঃ প্ৰাঞ্জল ভৰালীও এগৰাকী প্ৰাৰ্থীত্ব প্ৰত‍্যাশী। হয়তো সেইবাবেই ২০০৬ চনত ৰঙিয়া সমষ্টিৰ পৰা বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাঞ্জল ভৰালীয়ে নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাই হৰ্ডিং আৰি নিৰ্বাচনত প্ৰাৰ্থীত্ব বিচৰাৰ ইংগিত দিছিল। ইয়াতেই হয়তো কোনো বিজেপিৰ নেতা ক্ষোভিত হৈ এনে গৰ্হিত কাম কৰাৰ সন্দেহ।

এই ক্ষেত্ৰত প্ৰাঞ্জল ভৰালীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে হৰ্ডিং ফালি পেলোৱাটো কোনো দুৰ্বৃত্তৰ কাৰ্য্য। বিজেপি দলৰ প্ৰকৃত কাৰ্য‍্যকৰ্তা হলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, নেডা তথা ৰাজ‍্যিক বিজেপিৰ নেতৃত্বৰ ফটো থকা হৰ্ডিং ফালিব নোৱাৰিলেহেতেন।

ঘটনাটো তেনেই দুৰ্ভাগ্যজনক বুলি আখ্যা দি ঘটনা সন্দৰ্ভত শীৰ্ষ নেতৃত্বক অৱগত কৰে । উল্লেখ‍্য যে বৰ্তমান ৰঙিয়া সমষ্টিত বিজেপিৰ প্ৰভাৱশালী নেতা তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা থকাৰ পিছতো ডাঃ প্ৰাঞ্জল ভৰালীয়ে টিকট বিচৰা কাৰ্য‍্যৰ বিৰোধিতা কৰাৰ এয়া আৰম্ভণি হব পাৰে ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে ।

Hot this week

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
34 ° C
34 °
34 °
60 %
0.9kmh
100 %
Mon
34 °
Tue
29 °
Wed
32 °
Thu
28 °
Fri
32 °