বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰী সৈতে ১ ঘন্টা আলোচনা : পুনৰ কা” আন্দোলন হ’ব অখিল গগৈ :

কইনাধৰাত অসমৰ মুখ্যমন্ত্ৰী আৰু শিৱসাগৰ বিধায়ক অখিল গগৈ
দেওবাৰে সন্ধিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।

প্ৰায় ১ ঘন্টা আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সৈতে বিধায়ক অখিল গগৈ ।

আলোচনাত প্ৰধানকৈ শিৱসাগৰ সমষ্টিৰ লগতে জিলাখনৰ সামগ্ৰিক উন্নয়নৰ সম্পৰ্কে মুখ্য মন্ত্ৰীৰে দীঘলীয়া আলোচনাত মিলিত বিধায়ক অখিল গগৈ ।

বিশেষকৈ শিৱসাগৰৰ মেডিকেল কলেজ, বিশ্বৰ ঐতিহ্য স্থান,পুৰাতাত্ত্বিক সমলৰ উন্নয়ন, বিদ্যালয়ৰ উন্নয়ন শিক্ষক নিযুক্তি, ৰাস্তা ঘাট, শিৱদৌলৰ উন্নয়ন, ৰংঘৰ উন্নয়নক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে বিধায়ক অখিল গগৈয়ে।

থাওৰাৰ নিৰ্বাচনৰ সময়ত তাত মেডিকেল কলেজ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে হঠাৎ ঘোষণা কৰি দিছিল।
সেই ঘোষণা দিয়া পাছত বিধায়ক গৰাকীয়ে স্পষ্ট হ’ব লৈ মুখ্যমন্ত্ৰী পৰা জানিবলৈ চেষ্টা কৰে অন্য এখন হ’ব নে শিৱসাগৰ মেডিকেলখনকে তালৈ নিয়া হ’ব সেই বিষয়ে মুখ্যমন্ত্ৰীক সুধিছিল অখিল গগৈয়ে অৱশ্যে কোনো স্পষ্ট উত্তৰ নাপালোঁ বুলি সংবাদ মাধ্যমক কয় বিধায়ক অখিল গগৈয়ে।

ইফালে দুবছৰৰ ভিতৰত শিৱসাগৰ কলেজ বিশ্ববিদ্যালয়কৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব বুলি কয় গগৈয়ে।

শিৱসাগৰৰ প্ৰস্তাৱিত টাই মিউজিয়ামৰ বাবে অতি শীঘ্ৰে টকা দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

স্বাস্হ্য বিভাগৰ সমস্যাসমূহ সমাধানৰ বাবে অতিশীঘ্ৰে বিষয়াসকলক বৈঠকত বহিবলৈ নিৰ্দেশ দিছে। বিধায়কৰ সহৃদ আঁচনিৰ ধনক লৈও মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে অখিল গগৈয়ে।কৰ্কট ৰোগী আৰু ছাত্ৰ- ছাত্ৰীসকলক দিব লগা ধনৰ বাবে বহু দিনৰ আগতে ৰণোজ পেগুক স্মাৰক পত্ৰ দিছিল অখিল গগৈয়ে কিন্তু সেই বিষয়ত গুৰুত্ব দিয়া নাছিল মন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে এই কাম অতি সোনকালে কৰিবলৈ নিৰ্দেশ দিয়ে বিভাগীয় মন্ত্ৰীগৰাকীক। শিৱসাগৰৰ ৰাস্তা–ঘাটসমূহ ভাল কৰি দিবৰ বাবে নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষক। ৫ বছৰৰ ভিতৰত অখিলে বিচৰা শিৱসাগৰৰ সকলো কাম কৰি দিম বুলি মুখ্যমন্ত্ৰীয়ে বিধায়কগৰাকীক প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি মন্ত্ৰী বিমল বৰা আৰু ৰণোজ পেগু ৰ সৈতেও ফোনযোগে কথা পতাই দিয়ে গগৈক।বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত বিধায়ক গগৈয়ে মুখ্যমন্ত্ৰীৰে হোৱা আলোচনা ইতিবাচক আখ্যা দিয়াৰ লগতে ৰাজনীতিৰ কথা কোনো আলোচনা হোৱা নাই বুলি মন্তব্য কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*