মায়ং,২১নৱেম্বৰ :
মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰ অন্তৰ্গত গড়মাৰী পঞ্চায়তৰ পানীকাউৰী গাঁৱত চাঞ্চল্যকৰ ঘটনা।
গাঁওখনৰ পৰা চুৰি হয় দুটা গৰু। সেই গৰু দুটা দুষ্কৃতিকাৰীয়ে অঞ্চলটোত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ উদ্দেশ্যে হিন্দু বসতি প্ৰধান এলেকাৰ পথৰ দাঁতিৰ কাষতে এডোখৰ জঙ্ঘলৰ মাজত হত্যা কৰি তাৰ মাংস লৈ যায় আৰু অৱশিষ্ট অংশবোৰ পেলাই থৈ যায়।
ইয়াকে লৈ অঞ্চলটোত সম্প্ৰতি এক চেপা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।
ইতিমধ্যে ঘটনা স্থলিত মৰিগাঁও আৰক্ষী উপস্থিত হৈ দুষ্কৃতি কাৰীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখিছে।
উল্লেখযোগ্য যে কালি গৰুৰ মালিক পৰেশ বিশ্বাস ঘৰত উক্ত গৰু দুটা ক্ৰয় কৰিবৰ বাবে তেওঁলোকৰ ঘৰলৈ আহিছিল দুজনকৈ গৰু বেপাৰী।
কিন্তু গৰু দুটাৰ দৰ-দাম নিমিলাত এৰি থৈ যায়।
স্থানীয় লোকৰ সন্দেহ এই গৰু বেপাৰী দুজনেই সংঘটিত কৰিছে এনে দুষ্কাৰ্য।
অঞ্চলবাসীয়ে উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰ কৰি দোষীক অতি সোনকালে কৰায়ক্ত কৰি উচিত শাস্তি দাবী জনাই।
Leave a Reply