কৃষ্ণাইৰ খলাৰবড়ীত সমূহীয়া ধান কটা পৰ্ব

কৃষ্ণাইৰ খলাৰবড়ীত সমূহীয়া ধান কটা পৰ্ব

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া খলাৰবড়ীত আজি কাতি আঘোণৰ সংক্ৰান্তিৰ দিনাই দেখা গ’ল এক মনমোহা দৃশ্য ৷ খলাৰবড়ীৰ বিশাল পথাৰত আজি পুৰুষ মহিলাই সমূহীয়া ভাৱে কাটিলে সোণালী ধান ৷ পৰম্পৰা অনুসৰি পথাৰৰ ধান কটাৰ আগতে নিদিষ্ট নিয়মৰ মাজেৰে প্ৰথমে ‘আগ অনা’ হয়। প্ৰথমে পথাৰত চাকি ধূপ জ্বলাই এমুঠি ধান কটা হয় আৰু লখিমীৰূপী সেই ধানমুঠি কলপাতত থৈ গামোচাৰে মেৰিয়াই এজনে মূৰত লৈ ঘৰলৈ আনে। খলাৰবড়ীৰ কৃষক সকলেও আজি দোমাহীৰ পুৱাই আগ অনাৰ পিছতে এনেদৰে নামি পৰিছে সমুহীয়া ধান কটাত ৷ ধান কটাৰ মাজি মাজে নাচি বাগিও আনন্দ কৰে দাৱনী সকলে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

Be the first to comment

Leave a Reply

Your email address will not be published.


*