অসমৰ সংগীত জগতৰ অভূতপূৰ্ব অৱদান আগবঢ়োৱা আদিবাসী সমাজৰ বিশিষ্ট প্ৰবীন কণ্ঠশিল্পী তথা ঝুমইৰ সম্ৰাট দুলাল মানকিয়ে ভাৰত চৰকাৰৰ পৰা চলিত বৰ্ষৰ দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মান লাভ কৰাত অসম চাওঁতালী সাহিত্য পৰিষদে শিল্পী গৰাকীলৈ উষ্ম অভিনন্দন জনাই ৷
যোৱা ৯নৱেম্বৰত দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দয়ে প্ৰদান কৰা এই সৰ্বোচ্চ অসামৰিক পদ্মশ্ৰী সন্মান প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰপতি তথা ভাৰত চৰকাৰলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে অসম চাওঁতালী সাহিত্য পৰিষদে ৷
কাকতলৈ দিয়া এক প্ৰেছ বিবৃতি যোগে জানিব দিয়া অনুসৰি চাওঁতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক ৰমেশ চন্দ্ৰ চৰেণে উল্লেখ কৰি কয় যে সময়োপযোগী এজন উপযুক্ত শিল্পীক ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে ৷
চৰকাৰৰ এই মহানুভৱতাৰ বাবে অসম চাওঁতালী সাহিত্য পৰিষদে চিৰদিনে কৃতজ্ঞ হৈ ৰৱ ৷ সংগীত জগতৰ কালজয়ী ঝুমইৰ গীত সমুহক উৎকৃষ্ট ৰূপত উপস্থাপন কৰা এক সুকীয়া মাত্ৰা প্ৰদান কৰা বিশিষ্ট কণ্ঠ শিল্পী গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে সংগীতৰ জগতক আৰু এখোজ আগবঢ়াই লৈ যোৱাৰ শক্তি প্ৰদান কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সংগঠনটিৰ নেতৃত্ববৰ্গই ৷
Leave a Reply