শেহতীয়া আপডেটঃ

গুৱাহাটীৰ -লক্ষীমপুৰ মাজত  বিমান সেৱা আৰম্ভ : শুভাৰম্ভ  কৰিলে মুখ্যমন্ত্ৰীয়ে 

 

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰলৈ পোনপটীয়াকৈ বিমান সেৱা আৰম্ভ হয় শুক্ৰবাৰ পৰা।

ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থা ফ্লাইবিগৰ ৭২ খন আসন যুক্ত বিমান গুৱাহাটীৰ পৰা লীলাবাৰীলৈ সপ্তাহত চাৰিদিনকৈ  চলাচল কৰিব বুলি এক সূত্ৰ প্ৰকাশ।

শুক্ৰবাৰে বিয়লি ৪:৪০ বজাত বৰঝাৰ বিমানবন্দৰত পতাকা জোকাৰি এই বিমান সেৱাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বিমানখনত আন আন যাত্ৰীৰ লগতে  অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা,উত্তৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা, অৰুণাচল প্ৰদেশৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী টাকী টেগো যাত্ৰীৰ ৰূপত লীলাবাৰীলৈ যাত্ৰা কৰে।

আনহাতে এই উপলক্ষে বৰঝাৰ বিমানবন্দৰত আয়োজিত চমু অনুষ্ঠানত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ  মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, ফ্লাইবিগৰ পৰিচালন সঞ্চালক কেপ্তেইন সঞ্জয় মাণ্ডাডিয়াকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে।
জানিব পৰা মতে সপ্তাহৰ চাৰিদিন দিন ক্ৰমে   মঙল বাৰ, বৃহস্পতিবাৰ , শনিবাৰ আৰু দেওবাৰে  গুৱাহাটী আৰু লীলাবাৰীৰ মাজত চলাচল হোৱা ৭২ খন আসনযুক্ত বিমানখন চাৰিওদিনতে গুৱাহাটীৰ পৰা বিয়লি ৪.৪০ বজাত যাত্ৰা কৰিব ।

সন্ধিয়া ৫.২৫ বজাত গৈ বিমানখন লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰিব।

তেনেদৰে সেই চাৰিদিন বিমানখন সন্ধিয়া ৫.৫০ বজাত লীলাবাৰী বিমানবন্দৰৰ পৰা উৰা মাৰি ৬.৪০ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব।
উল্লেখযোগ্য যে গুৱাহাটী-লীলাবাৰীৰ মাজত পোনপটীয়াকৈ বিমান চলাচল আৰম্ভ হোৱাৰ পাছত উত্তৰ অসমকে ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশৰ এক বৃহৎ অঞ্চল উপকৃত হ’ব প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.