মাজুলীৰ চামগুৰি সত্ৰত ১২ ফুট উচ্চতাৰ কুম্ভকৰ্ণৰ মুখা নিৰ্মাণ :

 

ৰাসৰ মুল আকৰ্ষণ কুম্ভকৰ্ণ :

মাজুলীত এতিয়া ৰাসক লৈ ব্যাপক আনন্দ বিৰাজ কৰা পৰিলক্ষিত হৈছে। মাজুলীৰ ঐতিহ্যমণ্ডিত চামগুৰি সত্ৰৰ মুখা শিল্পীৰ হাতৰ পৰসত প্ৰাণ পায় উঠিছে এই সূউচ্চ কুম্ভকৰ্ণৰ মুখা টোৱে। চামগুৰি সত্ৰৰ বিশিষ্ট মুখা শিল্পী প্ৰদীপ গোস্বামীৰ নেতৃত্বত এটি শিল্পীৰ দলে ২ মাহৰ মুৰত সাজি উলিয়াবলৈ সক্ষম হয় এই বৃহৎ আকৃতিৰ মুখা টো।
মুখা শিল্পৰ বাবে সমগ্ৰ বিশ্বতে চামগুৰি সত্ৰৰ এক সুকীয়া স্থান আছে। দেশী বিদেশী পৰ্যটক সকলে এই চামগুৰি সত্ৰত ৰাসৰ সময়ত মুখা চাবলৈ এই চামগুৰি সত্ৰত ব্যাপক ভিৰ কৰা পৰিলক্ষিত হয়। এইবছৰৰ ৰাস মহোৎসৱত এই বৃহৎ আকৃতিৰ মুখা টোৱে পৰ্যটক সকলৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব বুলি আশাবাদী সত্ৰৰ শিল্পী সকল।

প্ৰেৰক:
মাজুলীৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা

Be the first to comment

Leave a Reply

Your email address will not be published.


*