তেজপুৰ, ১ নৱেম্বৰ : সশস্ত্ৰ সীমা বল ৰ লগত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ গুৰুত্বপূৰ্ণ সন্মিলন ।
সীমা সুৰক্ষা বলৰ দায়িত্ব থকা সকলো শীৰ্ষ বিষয়াৰ লগত মুখ্যমন্ত্ৰী গৰাকীৰ এই জৰুৰী বৈঠকত মিলিত হয় এছ এছ বি ৰ ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ ইন্সপেক্টৰ জেনেৰেল প্ৰদীপ কুমাৰ গুপ্তা ৰ লগত ।
টাৱাংত শীৰ্ষ বিষয়া সকলে মুখ্যমন্ত্ৰী গৰাকীৰ লগীত সীমা সমস্যা সমূহৰ বিষয়ে আলোচনা কৰে । বিশেষকৈ ভাৰত- ভুটান সীমান্তত অৱস্থিত অৰুণাচল প্ৰদেশৰ পশ্চিম টাৱাং জিলাৰ শেষ প্ৰান্তত গাতে লাগি আছে ভূটান । পূৰ্বতে ভুটানৰ লগত এক সৌহাদ্য মূলক অহা যোৱা চলিছিল সীমান্তৰ গাঁও অঞ্চলত কিন্ত বিগত সময়চোৱাত কোভিড মহামাৰীৰ বাবে ভূটানে সীমা অতিক্ৰম কৰি অহা যোৱা বন্ধ কৰি ৰাখিছে ।
সীমা বলৰ ভাৰত চীন ,ভাৰত ভূটান সীমান্তৰ অঞ্চলত জনসাধাৰণৰ লগতে সীমান্ত সুৰক্ষা প্ৰদান ৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে সীমান্তৰ অঞ্চলত থকা সকলো সুৰক্ষা বাহিনীৰ লোকৰ লগত আলোচনা অব্যাহত ৰাখিছে অক্টোবৰ মাহৰ মাজৰ পৰা ।
Leave a Reply