31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    নামনি সোৱনশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধৰ দাবিত নলবাৰীত আছুৰ বিক্ষোভ 

     

    নামনি সোৱনশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধৰ দাবিত নলবাৰীত আছুৰ বিক্ষোভ


    নামনি সোৱনশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধ কৰক,নদী বান্ধ বন্ধ কৰক, কেন্দ্ৰীয় চৰকাৰ হাই-হাই, বিজেপি হাই-হাই আদি শ্লো-গানেৰে আছু কৰ্মীয়ে পৰিবেশ উত্তাল কৰি তুলে

    নলবাৰী শ্বহীদ ভৱন বাকৰীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নামনি সোৱনশিৰি জল বিদ্যুৎ প্ৰকল্প আৰু বৃহৎ নদী বান্ধ বন্ধৰ দাবিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে !
    উন্নয়ন আৰু দূৰ্যোগ”ৰ মাজত সম্পৰ্ক আছে । কিন্তু উন্নয়নৰ পৰিবৰ্তে যদি দূৰ্যোগ বেছি হয়, তেন্তে তেনে উন্নয়ন নকৰাই শ্ৰেয় । বৃহৎ নদী বান্ধ আৰু নামনি জল বিদ্যুৎ প্ৰকল্পৰ ফলত যে কৃষি ভূমিৰ বিস্তৰ ক্ষতি হব আৰু কৃষি জীৱি লোকৰ লগতে অসমৰ বিস্তৰ ক্ষতি হব ,সেই কথাৰ উমান পায় সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি নলবাৰী শ্বহীদ ভৱন বাকৰীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
    উক্ত কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদ,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজিৎ পাঠকে চৰকাৰক অতি শিঘ্ৰে এই প্ৰকল্প কেইখন বন্ধ কৰিবলৈ হুংকাৰ দিয়ে ।অন্যথা সমগ্ৰ ৰাজ্য জুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি অবগত কৰে।

    প্ৰেৰক  ফইজুল হক চৌধুৰীৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds