■ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দায়িত্বশীল সামুদ্ৰিক অংশীদাৰ হিচাপে ভাৰতে সহমত আধাৰিত নীতি আৰু শান্তিপূৰ্ণ, মুক্ত, শাসন আধাৰিত আৰু স্থিৰ বিশ্ব শৃংখলা সমৰ্থন কৰাৰ কথা প্ৰকাশ কৰে। দেশে ভাৰত মহাসাগৰ অঞ্চলত শাসন আধাৰিত নীতিৰে নৌ-চলাচলৰ স্বাধীনতা আৰু মুক্ত বাণিজ্যৰ বাবে সাৰ্বজনীন মূল্যবোধৰ সৈতে কল্পনা কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ২০২১ চনৰ নৌ সেনাপতি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ উদ্বোধনী অধিৱেশনত নৌ সেনাপতিসকলক সম্বোধন কৰি এনেদৰে উল্লেখ কৰে। সন্মিলনখনত ভাৰতীয় নৌসেনাৰ সকলো কাৰ্যকৰী আৰু এৰিয়া কমাণ্ডাৰসকলে মুখ্য কাৰ্যকৰী, মেটেৰিয়েল, লজিষ্টিক, মানৱ সম্পদ উন্নয়ন, প্ৰশিক্ষণ আৰু প্ৰশাসনিক কাৰ্যকলাপৰ পৰ্যালোচনা কৰা হয়।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, ভাৰতৰ ভৌগোলিক অৱস্থান বিভিন্ন ধৰণে অনন্য আৰু কৌশলগত, বাণিজ্য আৰু সম্পদৰ দৃষ্টিকোণৰ পৰা এইয়া অতি গুৰুত্বপূৰ্ণ। বাণিজ্য আৰু অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ বাবে ভাৰতীয় সামুদ্ৰিক অঞ্চলৰ ভিতৰত শান্তি আৰু স্থিৰতা বজাই ৰখাৰ অধিক প্ৰয়োজন আছে। অঞ্চলটোত শান্তি শৃংখলা অটুট ৰখাত ভাৰতৰ নৌসেনাৰ ভূমিকা অনাগত সময়ত বহুগুণে বৃদ্ধি পাব।
দেশৰ নৌসেনাই ইতিমধ্যে আত্মনিৰ্ভৰশীলতা, জাহাজ নিৰ্মাণত স্বদেশীকৰণ আৰু চাবমেৰিন নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে। তেওঁ কয় যে যোৱা পাঁচটা বিত্তীয় বৰ্ষত নৌসেনাৰ আধুনিকীকৰণ বাজেটৰ দুই-তৃতীয়াংশতকৈও অধিক থলুৱা ক্ৰয়ৰ বাবে ব্যয় কৰা হৈছে।
Leave a Reply