31.3 C
Guwahati
Friday, September 19, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰীত পাকিস্তানৰ পতাকা দাহ বিশ্ব হিন্দু পৰিষদ,বজৰংগ দলৰ

     

    নলবাৰীত পাকিস্তানৰ পতাকা দাহ বিশ্ব হিন্দু পৰিষদ,বজৰংগ দলৰ

    ফইজুল হক চৌধুৰীৰ নলবাৰী ৯ অক্টোবৰ :

    জন্মু -কাশ্মীৰত পাকিস্তানী সন্ত্ৰাসবাদীয়ে হিন্দু ওপৰত কৰা বৰ্বৰ আক্ৰমণ আৰু হত্যাৰ প্ৰতিবাদত নলবাৰী চহৰৰ গৰ্ডন চ’কত নলবাৰী বিশ্ব হিন্দু পৰিষদ ,বজৰংগ দলৰ ধৰ্ণা কাৰ্য্যসূচী।

    হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ সহ্য কৰা নহ’ব
    পাকিস্তান সন্ত্ৰাসবাদ মূৰ্দাবাদ,
    আদি শ্লো-গানেৰে নলবাৰীত বিশ্ব হিন্দু পৰিষদ,বজৰংগ দলে পৰিৱেশ উত্তাল কৰি তুলে নলবাৰী চহৰ।

    জন্মু- কাশ্মীৰত পাকিস্তান সন্ত্ৰাসবাদীৰ দ্বাৰা হিন্দুৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণ আৰু হত্যাৰ প্ৰতিবাদত শনিবাৰে সমগ্ৰ দেশৰ লগতে নলবাৰীতো বিশ্ব হিন্দু পৰিষদ,বজৰং দলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
    উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী বিভাগ মন্ত্ৰী অনুপ দাস আৰু বজৰংগ দল নলবাৰী জিলা সংযোজক জিতু মনি কলিতাৰ লগতে সংগঠনৰ বহু সদস্য।
    আনহাতে বজৰংগ দল নলবাৰী জিলাৰ সংযোজক জিতু মনি কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে হিন্দুৰ ওপৰত হোৱা এই বৰ্বৰ অত্যাচাৰ সহ্য কৰা নহ’ব আৰু এনে ঘটনাৰ পুনৰাবৃত্তি হ’লে গণতান্ত্ৰিক ভাৱে আন্দোলন আৰু তীব্ৰতৰ কৰিব বুলি হুংকাৰ দিয়ে

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.