শেহতীয়া আপডেটঃ

গুগল ফটো (Google Photo) এপ্লিকেচনত নতুন সুবিধা, এতিয়াই ইনষ্টল কৰক!

এপ্লিকেচনটোত আগতে গুগল ফটোত সংৰক্ষণ কৰা ফটো আৰু ভিডিঅ'বোৰৰ তাৰিখ আৰু সময় সম্পাদনা কৰাৰ বাবে কোনো বিল্ট-ইন সুবিধা উপলব্ধ হোৱা নাছিল।

● গুগল প্ৰডাক্টৰ বহুকেইটা এপ্লিকেচন ভিতৰত অন্যতম এটা এপ্লিকেচন গুগল ফটো। যি ব্যৱহাৰকৰী এজনৰ Gmail একাউণ্ট সৈতে সংযোগ থাকে আৰু ফটো সমূহ গুগল ফটো এপ্লিকেচনত আপলোড কৰি ৰাখিব পাৰি বা চাব পাৰি। গুগল ফটো (Google Photos) এপ্লিকেচনত এটা নতুন সুবিধা গুগলে সংযোগ কৰিছে। গুগলৰ জনপ্ৰিয় এপটোৰ নতুন সুবিধাই ব্যৱহাৰকাৰীসকলক ফটো আৰু ভিডিঅ’ৰ তাৰিখ আৰু সময় সম্পাদনা কৰিবলৈ অনুমতি দিব। এই সুবিধাটো ইতিমধ্যে গুগল ফটোৰ ৱেব সংস্কৰণৰ বাবে মুকলি কৰা হৈছে।

এপ্লিকেচনটোত আগতে গুগল ফটোত সংৰক্ষণ কৰা ফটো আৰু ভিডিঅ’বোৰৰ তাৰিখ আৰু সময় সম্পাদনা কৰাৰ বাবে কোনো বিল্ট-ইন সুবিধা উপলব্ধ হোৱা নাছিল। ফলস্বৰূপে, ব্যৱহাৰকাৰী সকলে এই কামটোৰ বাবে বিভিন্ন এপ্লিকেচনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল বা ব্যৱহাৰ কৰিছিল। কিন্তু এতিয়া তাৰিখ আৰু সময় সম্পাদনা কৰাৰ সুবিধা গুগল ফটো এপ্লিকেচনৰ ভিতৰত উপলব্ধ হ’ব।

নতুন সুবিধাটো গুগল ফটোৰ এণ্ড্ৰইড (Android) আৰু আইঅএছ (iOS) দুয়োটা প্লেটফৰ্মৰ বাবে মুকলি কৰা হৈছে। কিন্তু গুগলৰ এই নতুন সুবিধাটো পাবলৈ গুগল ফটোৰ শেহতীয়া সংস্কৰণটোৰ এপ্লিকেচন ইনষ্টল কৰিব লাগিব।

■ ফটো, ভিডিঅ’ তাৰিখ আৰু সময় কেনেদৰে সম্পাদনা কৰিব পাৰিব?

যদি এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে ফটো-ভিডিঅ’ৰ তাৰিখ আৰু সময় সম্পাদনা কৰিব বিচাৰে তেন্তে গুগল ফটো ‘নতুন সম্পাদনা বুটাম’ দেখিব। এই সম্পাদনা বুটামটো সময় আৰু তাৰিখ থাকিব। যিটো ব্যৱহাৰকাৰীয়ে ফটো বা ভিডিঅ’ ওপৰত ক্লিক কৰি ৰাখিলে সম্পাদনা কৰিবলৈ দেখুৱাব।

গুগল ফটোত আইঅএছ (iOS) ব্যৱহাৰকাৰীসকলৰ বাবে এনে বুটাম নাই। ইয়াৰ অৰ্থ আইফোন ব্যৱহাৰকাৰীসকলে কেৱল সময় আৰু তাৰিখত ক্লিক কৰি প্ৰয়োজনীয় সম্পাদনা কৰিব পাৰিব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.