Costliest Drinking Water: বিশ্বৰ আটাইতকৈ ব্যয়বহুল ৪৪ লাখৰো অধিক মূল্যৰ পানী সেৱন কৰা এগৰাকী ভাৰতীয় মহিলা

■ ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে খোৱা পানীৰ মূল্য কিমান? এই লৈ ক্ৰীড়া প্ৰেমীসকলৰ মাজত দীৰ্ঘদিনৰ এক চৰ্চিত বিষয় আছিল। এইবাৰ এই সকলো কথাৰ চেৰ পেলাই এগৰাকী ভাৰতীয় মহিলাই সকলোকে আচৰিত কৰি তুলিছে। কোন এইগৰাকী ভাৰতীয় মহিলা? এওঁ হৈছে ৰিলায়েন্স কোম্পানীৰ মালিক মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী। যি নীতা আম্বানীয়ে সেৱন কৰা খোৱা পানীৰ মূল্য শুনি আপুনি আচৰিত হ’ব।

প্ৰাপ্ত তথ্য মতে, নীতা আম্বানী হৈছে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল পানী সেৱনৰ গৰাকী। তেওঁ খোৱা ৭৫০ মিলি লিটাৰ পানীৰ বটলৰ মূল্য প্ৰায় ৬০,০০০ ডলাৰ। যি মূল্য ভাৰতীয় মুদ্ৰাত ৪৪ লাখ টকাতকৈও অধিক হ’ব। তাৰ পিছত এইবাৰ আপুনি এবাৰ গণনা কৰক যে নীতা আম্বানীৰ এঢোক পানীৰ মূল্য কিমান হ’বগৈ পাৰে!

File photo

■ আপুনি পানীৰ দাম ইতিমধ্যে জানিব পাৰিলে। কিন্তু এই পানীৰ ইমান দাম কিয়? কি কি বিশেষ গুণ আছে এই পানীত? চাওঁ আহক

File Photo

স্বাস্থ্য সতেজ ৰাখিবলৈ নীতা আম্বানীয়ে খোৱা পানী ‘একুৱা ডি ক্ৰিস্টালো ট্ৰিবিউট এ মেডিগ্লিয়ানি’ বুলি কোৱা হয়। এইটো পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল পানীৰ ভিতৰত এটা। এইসমূহ বটলৰ পানী ফ্ৰান্স আৰু ফিজিৰ পৰা আহিছে। দাবী কৰা হৈছে যে এই খোৱা পানীত সোণ ছাইৰ সৈতে মিহলি কৰা হৈছে। ইয়াত ৫ গ্ৰাম সোণ থাকে। যিটো মানৱ শৰীৰৰ বাবে অতি স্বাস্থ্যকৰ। সেইকাৰণে এই পানীৰ মূল্য লাখ লাখ টকা।

File Photo

ইয়াৰ লগতে আন কিছুমান কাৰণ জড়িত হৈ আছে। কেৱল পানীয়েই নহয়, বটলবোৰো মূল্য আছে, সেইবাবে এই খোৱা পানীৰ মূল্য ইমান বেছি। ২০১০ চনত, একুৱা ডি ক্ৰিস্টালো ট্ৰিবিউট এ মিগ্লিয়ানি’ গিনিজ বুকত বিশ্বৰ আটাইতকৈ ব্যয়বহুল পানীৰ বটল হিচাপে বিবেচিত হৈছিল।

File Photo

পানীৰ বটলটো ফাৰ্নাণ্ডো আলটামিৰানোৰ দ্বাৰা ডিজাইন কৰা হৈছিল। ব্যয়বহুল বটলটো চামৰা খাপত ২৪ কেৰেট সোণেৰে তৈয়াৰ কৰা হৈছে। জানিব পৰা মতে এই ব্ৰেণ্ডৰ আটাইতকৈ কম মূল্যৰ বটলটোৰ মূল্য ভাৰতীয় টকাত ২২,০০০ টকা।

File photo
About অশ্বিনী কুমাৰ গগৈ, মুখ্য সম্পাদক, অসম খবৰ 29 Articles
All India Radio- RNU-GHY Web Digital Specialist at Asom Khobor(Chief Editor) Digital Editor NotunSomoy.

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.