■ আয়ুষ মন্ত্ৰালয়ে বিশ্বব্যাপী আয়ুৰ্বেদিক আৰু অন্যান্য ভাৰতীয় পৰম্পৰাগত ঔষধ সামগ্ৰীৰ মানদণ্ড শক্তিশালী কৰাৰ পথ প্ৰশস্ত কৰিছে। ইয়াৰোপৰি বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰলৈ তেওঁলোকৰ ৰপ্তানিৰ সম্ভাৱনা বৃদ্ধি কৰিছে বুলি জানিব পৰা গৈছে।
যোৱা ১৩ ছেপ্টেম্বৰ তাৰিখে ফাৰ্মাকোপিয়া কমিছন ফৰ ইণ্ডিয়ান মেডিচিন আৰু হোমিঅ’পেথি আৰু আমেৰিকান হাৰ্বেল ফাৰ্মাকোপিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে সমতা আৰু পাৰস্পৰিক লাভালাভৰ ভিত্তিত দুয়োখন দেশৰ মাজত আয়ুৰ্বেদ আৰু অন্যান্য ভাৰতীয় পৰম্পৰাগত ঔষধ প্ৰণালীৰ ক্ষেত্ৰত মানদণ্ডৰ প্ৰচাৰ আৰু বিকাশ অধিক পৰিমাণে শক্তিশালী কৰি তোলাৰ অনন্য প্ৰচেষ্টা।
Leave a Reply