31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    প্ৰধানমন্ত্ৰী সামূহিক ক্ষুদ্ৰ উদ্যোগ বিনিয়োগ পুঁজি(PMFME) অধীনত চেক বিতৰণ বিধায়ক ৰঞ্জিত দত্ত

     

    শুক্ৰবাৰে  বিহালী উন্নয়ন খণ্ডৰ সভাগৃহত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ,অসম চৰকাৰৰ উদ্যোগত প্ৰধানমন্ত্ৰী সামূহিক ক্ষুদ্ৰ উদ্যোগ বিনিয়োগ পুঁজি(PMFME) ৰ জৰিয়তে বিহালী আৰু বাঘমৰা উন্নয়ন খণ্ডৰ আত্ম সহায়ক গোট আৰু আত্মসহায়ক গোটৰ সদস্যাসকলৰ মাজত চেক বিতৰণ কৰে বিধায়ক ৰঞ্জিত দত্তই।

    বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত স্বৰ্ণময়ী আত্ম সহায়ক গোটতক ১,৮০,০০০/- টকা আৰু বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্ম সহায়ক গোটৰ সদস্যা কালীমায়া ঘিচিং(চাহাৰা আঃগোঃ)৪০,০০০/-,জয়া বাগ(ৰূপাৱতী আঃগোঃ)৪০,০০০/-,প্ৰীতি চোনা(প্ৰেৰণা আঃগোঃ)৪০,০০০/-,টুন চাহু(ত্ৰিবেণী আঃগোঃ)৪০,০০০/-,জমিলা চাহু(ৰাংঢালী আঃগোঃ)৩০,০০০/-,ফুলেশ্বৰী গোৱলা(বেলিকা আঃগোঃ)৪৫,০০০/- আৰু জিলীমণি বাঢ়ৈ(মা লক্ষী আঃগোঃ)ক ৪০,০০০/- টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰে।
    উক্ত অনুষ্ঠানটিত উপস্থিত থাকে বিহালীৰ খণ্ড উন্নয়ন বিষয়া দেৱাশীষ গোস্বামী,বিহালী খণ্ড প্ৰকল্প বিষয়া হিৰণদ্বীপ শইকীয়া,বাঘমৰা খণ্ড প্ৰকল্প বিষয়া জোৱাকিম হাযদা প্ৰমুখ্যে খণ্ড উন্নয়ন এম আই এছ দ্বীপজ্যোতি বৰা, বি চি চোচেন কামং, ভাৰ্গৱ বৰুৱা,মাধৱ ভাণ্ডাৰী,ধীৰেজ পাংঙ্গীং আৰু অনুপম বৰঠাকুৰ আৰু দুয়োটা উন্নয়ন খণ্ডৰে চি এল এফৰ সভানেত্ৰী আৰু সম্পাদিকাসক।ইফালে উক্ত ধন সমূহ সৎ কামত ব্যৱহাৰ কৰিবলৈ বিধায়ক ৰঞ্জিত দত্তই আহ্বান জনাই গোটৰ সদস্য সকলক।
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds