31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বৰভাগত অসম আৰক্ষীৰ আবেদনকাৰী সকলৰ বাবে বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰ

    ■ নলবাৰী জিলাৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৮ শিক্ষান্ত বৰ্ষৰ শিক্ষাৰ্থী সকলৰ মুখ্য উদ্যোগত তথা হোৱাটচ আপ গোট বৰভাগ আৰু আপোন ঠাই আপোন মাটি বৰভাৰ সহযোগত অসম আৰক্ষীৰ আবেদনকাৰী সকলৰ বাবে বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণী।

    নলবাৰী জিলাৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা শাৰীৰিক প্ৰশিক্ষণ আৰম্ভণী সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰভাত তালুকদাৰে।সমৰজ্যোতি মহন্ত আৰু পঙ্কজ কলিতাই আতধৰা সভাত উদ্ধোধনী ভাষণত বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কনক লহকৰে উদ্যোক্তা সকলক সুন্দৰ পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰশিক্ষণ লবলৈ অহা ছাত্ৰ-ছাত্ৰী সকলক ভালদৰে প্ৰশিক্ষণ লৈ জীৱন যুঁজত আগবাঢ়ি যাবলৈ পৰামৰ্শ প্ৰদান কৰে। প্ৰশিক্ষণ শিবিৰত অৱসৰপ্ৰাপ্ত শিক্ষক ৰজত চন্দ্ৰ কলিতা,জ্যোতিষ ভূঞা, বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মকিবুৰ ৰহমান প্ৰাক্তন ছাত্ৰ ৰুপেন তালুকদাৰ,দুলদত্ত লহকৰ, সদৌ অসম সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক কিশোৰ কুমাৰ কলিতা বৰভাগ প্ৰেছ ক্লাবৰ সভাপতি ৰমেন তালুকদাৰ জিলা ক্ৰীড়া বিষয়া বিষ্ণু কলিতা,শাৰীৰিক প্ৰশিক্ষক কন্দৰ্প কলিতা,নগেন কলিতা, জ্যোতি মোহন কলিতা, ৰবীন শৰ্মা, দেৱজিৎ ডেকা,দিননাথ কলিতাৰ লগতে শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds