শেহতীয়া আপডেটঃ

নলবাৰীত চতুৰ্থ ৰাষ্ট্ৰীয় পোষণ মাহ-২০২১ আৰু ‘মাতৰু বন্দনা সপ্তাহ’ৰ শুভাৰম্ভ

● দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসম তথা নলবাৰী জিলাতো সমান্তৰালকৈ আৰম্ভ হৈছে চতুৰ্থ ৰাষ্ট্ৰীয় পোষণ মাহ। শিশু আৰু মহিলাৰ পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে ২০১৮ চনৰ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ দিনাৰ পৰাই প্ৰথম প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘পোষণ অভিযান’ শীৰ্ষক অভিলাষী ধ্বজাবাহী কাৰ্য্যসূচীৰ অধীনত প্রত্যেক বছৰে ১ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ সম্পূৰ্ণ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে পালন কৰি অহা হৈছে।

পূৰ্বৰ দৰে এইটো বৰ্ষতো পোষণ মাহ পালনৰ ব্যস্ততা ইতিমধ্যে নলবাৰী জিলাত আৰম্ভ হৈছে। আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত সকলো সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী আৰু অন্যান্য ওতঃপ্ৰোতভাৱে জড়িত সংস্থা, অনুষ্ঠান আদিৰ প্ৰতিনিধিৰ উপস্থিতিত ‘চতুৰ্থ ৰাষ্ট্ৰীয় পোষণ মাহ-২০২১’ৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

একে সময়তে আজিৰে পৰা আৰম্ভ হোৱা ‘মাতৰু বন্দনা সপ্তাহ’ৰো শুভাৰম্ভনি কৰা হয়। গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ আৰু শিশুৰ প্ৰয়োজনীয় পৰিপুষ্টি নিশ্চিত কৰাৰ লগতে জিলাবাসী প্ৰতিগৰাকী লোকৰ স্বাস্থ্য আৰু পৰিপুষ্টি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি জনাসাধাৰণক পৰিপুষ্টিৰ গুৰুত্ব আৰু প্ৰয়োজন সম্বন্ধে জাগ্ৰত কৰি এক জন আন্দোলনৰ মাধ্যমেৰে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু সৱল এক ভৱিষ্যত প্ৰজন্ম গঢ়ি তোলাটোৱেই এই পোষণ অভিযানৰ মূল লক্ষ্য।

প্ৰধানমন্ত্ৰী গৰাকীৰ দৃষ্টিকোণেৰে এখন শক্তিশালী দেশ গঢ় দিবলৈ হ’লে সেই দেশৰ নাগৰিক সকল প্ৰথম এক সুস্থ শৰীৰ আৰু মনৰ অধিকাৰী হ’ব লাগিব।

এই সম্পূৰ্ন পোষণ মাহজুৰি বিভিন্ন কাৰ্যসূচী সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত থাকিব পোষণ বাতিকা, যোগাভ্যাস, থলুৱা পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰন আৰু পুষ্টিহীনতাত ভোগা শিশুৰ চিনাক্তকৰন, পুষ্টিকৰ খাদ্য প্ৰস্তুত প্ৰণালীৰ প্ৰতিযোগিতা, শিশু মংগল দিৱস ইত্যাদি।

বন্তি প্ৰজ্জ্বলনেৰে আনুষ্ঠানিকভাৱে কালি জিলাখনত ৰাষ্ট্রীয় পোষণ মাহ-২০২১ৰ শুভাৰম্ভনি কৰি নলবাৰী জিলা উপায়ুক্তা গীতিমণি ফুকনে এই অভিযানৰ উদ্দেশ্য প্ৰকৃতাৰ্থত সাফল্যমণ্ডিত কৰিবলৈ এই অভিযানৰ সৈতে জড়িত তথা ইয়াক কাৰ্যকাৰী কৰাৰ দ্বায়িত্বত থকা সকলো বিভাগৰ বিষয়া কৰ্মচাৰী তথা বিভিন্ন সংস্থা-অনুষ্ঠানৰ বিষয়ববীয়া-কৰ্মকৰ্তাক আত্মসমৰ্পণমূলক তথা নিষ্ঠা ভাৱেৰে নিজৰ কৰণীয়খিনি কৰি যাবলৈ আহ্বান কৰে।

অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া ছয়নিকা ঠাকুৰীয়াই চমুকৈ এই অভিযানৰ অংশৰূপে আজিৰে পৰা আৰম্ভ হোৱা ‘পোষণ মাহৰ’ উদ্দেশ্যে ব্যাখ্যা কৰে।

কালিৰে পৰা ৰাজ্যেৰ অন্যান্য জিলাৰ লগতে নলবাৰীতো ‘মাতৰু বন্দনা সপ্তাহ’ৰ ( ১ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰ)শুভাৰম্ভনি হৈছে। এই সপ্তাহটোৰ ভিতৰত ‘প্ৰধান মন্ত্রী মাতৰু বন্দনা যোজনা’ৰ অধীনত গৰ্ভৱতী মহিলা আৰু জীৱিত সন্তান প্ৰসৱ কৰা প্ৰসূতি মাতৃ সকলক গৰ্ভধাৰণৰ সময়ছোৱাৰ পৰা শিশুৰ জন্ম আৰু প্ৰতিপালনৰ সময়ছোৱাত মুখামুখি হোৱা আৰ্থিক নাটনি বা অনাটন তথা সুৰক্ষিত প্ৰসৱৰ লগতে পৰিপুষ্টি আদি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আংশিক সকাহ প্ৰদানৰ উদ্দেশ্য তিনিটা কিস্তিত ৫০০০ টকাৰ আৰ্থিক সাহাৰ্য্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হ’ব। ইয়াৰোপৰি ৰূপায়ণৰ দ্বায়িত্বত থকা কৰ্তৃপক্ষই ইয়াৰ বাবে প্ৰয়োজনীয় বিশেষ ব্যৱস্থা এই মাতৰু বন্দনা সপ্তাহৰ সময়ছোৱাতে গ্ৰহণ কৰিব।

আজিৰ অনুষ্ঠানৰ শেষৰ ফালে পুষ্টিকৰ খাদ্য সম্ভাৰৰ এখনি প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। উক্ত প্ৰদৰ্শনীমূলক খাদ্যমেলা খনিত শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতী মাতৃৰ পুষ্টিসাধন কৰিব পৰা বিভিন্ন থলুৱা সেউজীয়া শাক-পাচলি তথা ফল-মূল, গাখীৰ, কণী আদি প্ৰদৰ্শন কৰা হয়।

এই খাদ্যমেলাৰ জৰিয়তে ঘৰত উৎপাদিত শাক-পাচলি, ফল-মূলৰ পৰা কিদৰে দৈনন্দিন আহাৰত অত্যাৱশ্যকীয় উপাদান সমূহ সহজে পাব পাৰি সেই বিষয়ে সজাগতাৰ সৃষ্টি কৰা হয়।

আজিৰ এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত ফিৰদৌছ আলম, স্বাস্থ্য, শিক্ষা তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়া সকল, সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী, পোষণ অভিযানৰ লগত জড়িত কৰ্মচাৰী সকল, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.