মিজো সীমান্তত শ্বহীদ আৰক্ষী জোৱান সকলক শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্য চৰকাৰক ধিক্কাৰ প্ৰতিবাদেৰে উত্তাল প্ৰতিবাদ নলবাৰী জিলা যুৱ কংগ্ৰেছৰ।
আজি নলবাৰী জিলা কংগ্ৰেছ, ইয়ং বিগ্ৰেদ আৰু সেৱাদলৰ উদ্যোগত, অসম মিজোৰাম সীমান্তত ছহিদ হোৱা আৰক্ষী জোৱান সকলৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়।
নলবাৰীৰ থানা চ’কৰ গোল পাৰ্কৰ ওচৰত কংগ্ৰেছৰ উক্ত শাখা গোট সমূহৰ উদ্যোগত এই কাৰ্য্যসূচীৰ সফল ৰূপায়ন কৰে৷ আনহাতে উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে অসম মিজোৰাম সীমান্তত সংঘটিত ঘটনাৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৰ্থতা বুলি চৰকাৰক ধিক্কাৰ জনাই এক প্ৰতিবাদী কাৰ্য্যসূচীও ৰূপায়ন কৰে।
বিভিন্ন ধৰনৰ প্লে কাৰ্ড, ফেষ্টুনত চৰকাৰ বিৰোধী শ্লোগান লিপিবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যেতি হালৈ সহিতে ইয়ং বিগ্ৰেদ, সেৱাদলৰ বিষয় ববীয়া আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ কাৰ্য্যকৰ্তাৰ উপস্থিতিত এই কাৰ্য্যসূচীৰ ৰূপায়ন হয়।
Leave a Reply