♦শিক্ষাৰ দৰে এক পৱিত্ৰ বৃত্তিত জড়িত থাকি শিক্ষকসমাজক কলংকিত কৰিলে এজন প্ৰধান শিক্ষকে। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ নাজিৰাত। নাজিৰাৰ লিগিৰীপুখুৰীস্থিত হনুমান চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কুকীল বৰগোঁহাই নামৰ লম্পট প্ৰধান শিক্ষকজনে নাজিৰাৰ বৰাখোৱাৰ চয়নিকা বৰুৱা নামৰ এগৰাকী মহিলাগৰাকীক দীৰ্ঘদিনৰে পৰা মানসিক নিৰ্যাতন চলাই অহাৰ লগতে অশ্লীল প্ৰস্তাৱ দি অহাৰ অভিযোগ উত্থাপিত হৈছে।
যদিও সমন্ধত ভিনদেউ-খুলশালি তথাপি ভিনিয়েক প্ৰধান শিক্ষক কুকীলৰ লোলোপ দৃষ্টি পৰিল চয়নিকাৰ ওপৰত। উপায়ন্ত হৈ চয়নিকাই কাষ চাপিল নাজিৰাৰ আৰক্ষী। এতিয়া ৰঙা ঘৰৰ আলহী প্ৰধান শিক্ষকগৰাকী।
Leave a Reply Cancel reply