♦উত্তৰ হাজোৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত গড়পোট গাৱঁত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প(এপাৰ্ট)ৰ অধীনত উত্তৰণ কৃষি প্ৰডিউচাৰ কোম্পানীৰ সহযোগত বৈজ্ঞানিক পদ্ধতিৰে ধানৰোৱা মেচিনৰে ধানৰুই স্থানীয় কৃষকৰ মাজত কৃষি বিপ্লৱৰ জাগৰণ আনে৷ উল্লেখযোগ্য যে, বিভিন্ন ঠাইত ধানৰোৱা মেচিনৰে পথাৰত শ্ৰীপদ্ধতিৰে ধান ৰুই যথেষ্ট লাভবান হোৱা দেখা গৈছে৷
আজি গড়পোটত ড০ ইলাক্ষী ডেকাই মেচিনৰে ধানৰোৱা কাৰ্য্যসূচী মুকলি কৰি কয় যে, বানে গৰকা পথাৰত শ্ৰীপদ্ধতিৰে ধান ৰুই কৃষক সকল যথেষ্ট উপকৃত হ’ব আৰু হৈছে৷ তেওঁলোকে আশা কৰা মতে গড়পোট গাৱঁৰ কৃষক সকলে বৈজ্ঞানিক পদ্ধতিৰে কৃষিকাৰ্য কৰিলে যথেষ্টভাবে উপকৃত হ’ব আৰু কৃষকসকলে 97077-62589 নম্বৰত যোগাযোগ কৰিলে সবিশেষ জানিব পাৰিব বুলি উল্লেখ কৰে।
Leave a Reply Cancel reply