♦ গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাত সৰ্বজনবিদিত৷ দহিকটা অঞ্চলটোও ইয়াৰ ব্যতিক্ৰম নহয়৷ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ দহিকটা অঞ্চলত বন্যহস্তীৰ ধাৰাবাহিক সন্ত্ৰাসত ইতিমধ্যে একাধিক লোকে প্ৰাণ হেৰুৱাইছে৷ ধ্বংস হৈছে খেতি বাতি, ঘৰ দুৱাৰ৷ বন বিভাগৰ হেজাৰ চেষ্টায়ো নিয়ন্ত্ৰণ কৰিব পৰা নাই হাতীৰ সন্ত্ৰাস৷ প্ৰণিধানযোগ্য যে বন্যহস্তীৰ এই সন্ত্ৰাসৰ মূলতে হৈছে খাদ্য সংকট৷ দ্ৰুত গতিত কমি অহা বননি, ইয়াৰ বিপৰীতে বৃদ্ধি পোৱা হাতীৰ সংখ্যাই বন্যহস্তী কুলৰ মাজত খাদ্যৰ অভাৱ বঢ়াইছে৷ যাৰ বাবে গাঁৱলীয়া অঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীয়ে এফালৰ পৰা তহিলং কৰি গৈছে৷
সেয়ে এই সমস্যা কিছু পৰিমাণে হ’লেও লাঘৱ কৰাৰ চিন্তা চৰ্চা কৰিছে দহিকটাৰ ৰাইজে৷ তেওঁলোকে বন্যহস্তীৰ খাদ্যৰ বাবে দহিকটা বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ ফলমূলৰ গছৰ পুলি ৰোপণৰ উদ্যোগ গ্ৰহণ কৰিছে৷ সেই অনুসৰি আজি পুৱা ৯ বজাত দহিকটা গাঁৱৰ গাতে লাগি থকা বন বিভাগৰ শালনিৰ মাটিত ৰোপণ কৰে নেপিয়াৰ ঘাঁহ, ঔটেঙা, কঁঠাল, কল আদি ফলমূলৰ গছ পুলি৷
কেৱল আজিয়ে নহয় এতিয়াৰে পৰা প্ৰতি দেওবাৰে গাঁৱৰ যুৱক সকলে বননি খনত এনেদৰে ৰোপন কৰিব ফলমূলৰ গছ পুলি৷ ৰাইজৰ আশা এই গছ গছনিৰ ফল পাত তথা নেপিয়াৰ ঘাঁহে বন্যহস্তীৰ খাদ্যৰ অভাৱ দূৰ কৰি হাতী মানুহৰ সংঘাত কিছু পৰিমাণে হ’লেও নিয়ন্ত্ৰণ কৰিব৷
Leave a Reply