- সানেকুছি স্বাস্থ্য কেন্দ্ৰত ১০৮ এম্বুলেন্স সেৱা।
- স্হানীয় সমাজসেৱী যুৱকৰ প্ৰচেষ্টা আৰু স্বাস্থ্য বিভাগৰ লগতে সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ উদ্যোগত
- তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ভেকচিন প্ৰদান শিবিৰ।
- আজি ১৫০ জন ১৮ উৰ্ধ্বৰ লোকক প্ৰথম আৰু দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হয়।
- পুৱাৰ পৰা ভেকচিন লবলৈ মানুহৰ লানিনিচিঙা ভীৰ দেখিবলৈ পোৱা যায়৷
- আনহাতে সানেকুছি ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰত আজিৰে পৰা ১০৮ এম্বুলেন্স সেৱা উপলদ্ধ।
- চিকিৎসালয় পৰিচলনা সমিতিৰ সভাপতি ৰমেন চৌধুৰী আৰু চিকিৎসক ডাঃ হেমেন কুমাৰ শৰ্মাৰ প্ৰচেষ্টাত স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা উপলদ্ধ হ’ল ১০৮ এম্বুলেন্স সেৱা।
Leave a Reply