♦ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ নিজখালৈ ঘোগুৰা-ডবা চাৰিআলি সংযোগী ২.৫ কিলোমিটাৰ দৈঘৰ এটা পথ। এই পথটো অতি জৰাজীৰ্ণ অৱস্থা৷
বিগত পাঁচ বছৰে কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। উক্ত পথটোৱে স্থানীয় ৰাইজৰ লগতে বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্র ছাত্ৰী তথা চিকিৎসালয়লৈ যোৱা ৰোগীৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হৈছে।
মন্ত্ৰী যোগেন মহনে যোৱা পাঁচটা বছৰত এই পথটোৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা নোলোৱাত পথটো দ দ গাঁতলৈ পৰিনত হৈছে বুলি স্থানীয় ৰাইজৰ অভিযোগ৷
ৰাইজে এই পথটো মেৰামতি নকৰাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে পথটো মেৰামতি কৰি ৰাইজৰ যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে৷
Leave a Reply